প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষবাৰৰ বাবে অশ্ৰুধাৰাত শ্ৰদ্ধাঞ্জলি । “আকৌ এবাৰ কথা কোৱা মোৰ হোৱা…” বহু কথা যেন ৰৈ গ’ল। শেষবাৰৰ বাবে মনৰ মানুহজনৰ মুখখন প্ৰাণভৰি চালে পত্নী গৰিমা শইকীয়া গাৰ্গে। Zubeen Garg

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষবাৰৰ বাবে অশ্ৰুধাৰাত শ্ৰদ্ধাঞ্জলি । “আকৌ এবাৰ কথা কোৱা মোৰ হোৱা…” বহু কথা যেন ৰৈ গ’ল। শেষবাৰৰ বাবে মনৰ মানুহজনৰ মুখখন প্ৰাণভৰি চালে পত্নী গৰিমা শইকীয়া গাৰ্গে। Zubeen Garg

Zubeen Garg । “আকৌ এবাৰ কথা কোৱা মোৰ হোৱা…” বহু কথা যেন ৰৈ গ’ল। শেষবাৰৰ বাবে মনৰ মানুহজনৰ মুখখন প্ৰাণভৰি চালে পত্নী গৰিমা শইকীয়া গাৰ্গে। চকুত উজুটি-পুজুটি অশ্ৰু, কিন্তু কণ্ঠ ৰুদ্ধ। শব্দবোৰ গলাৰ তলত থমকি ৰ’ল। মাথোঁ নিৰৱ দৃষ্টিৰে কলিজাৰ টুকুৰাটোক শেষবাৰৰ বাবে চাই ৰই গ’ল গৰিমা।

শনিবাৰে পুৱা বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ বাসগৃহলৈ আনা হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ। বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা গাৰ্গ, পিতৃ কপিল ঠাকুৰৰ লগতে আত্মীয়-স্বজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বাহিৰত জনসমুদ্ৰ—লাখ লাখ অনুৰাগী আৰু গুণমুগ্ধই ভিৰ কৰিছে প্ৰিয় শিল্পীগৰাকীক এক পলক চোৱাৰ হেঁপাহত।

অকণ্ঠেৰে স্নেহ দিয়া জনতাৰ প্ৰেমৰ উত্তৰ দিয়াৰ ক্ষমতা জুবিনৰ নথকিলেও, তেওঁৰ প্ৰতি অনুৰাগীৰ মৰমৰ জোৱাৰ কোনো অৱসান নাই। মাথোঁ নিঠৰ জুবিন, ফুলৰ মালাৰে আৱৰি থকা প্ৰাণৰ শিল্পী।

বাসগৃহৰ পৰা নশ্বৰ দেহ লৈ যোৱা হয় সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ। সৰুসজাই ষ্টেডিয়ামতো জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত লাখ লাখ অনুৰাগী।

ৰাজ্য চৰকাৰে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৰে হৃদয় আজিৰ দিনটোত একেটাই গান গাইছে—অসমৰ হিয়াত চিৰজীৱী হৈ থাকিব জনতাৰ শিল্পী জুবিন গাৰ্গ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top