দুৰ্নীতিৰ ৰাণী নূপুৰ বৰাৰ ফ্লেটত ট্ৰলী ভৰি টকা! ASC Nupur Bora

দুৰ্নীতিৰ ৰাণী নূপুৰ বৰাৰ ফ্লেটত ট্ৰলী ভৰি টকা! ASC Nupur Bora


ASC Nupur Bora । ACS বিষয়া নূপুৰ বৰাৰ দুৰ্নীতিৰ কাণ্ডত দিনক দিনে নতুন নতুন তথ্য প্ৰকাশ পোৱা গৈছে। মুখ্যমন্ত্ৰী তদাৰকী কোষ তথা ভিজিলেন্সে চলাই থকা অভিযানত উদঘাটিত হৈছে কোটি কোটি টকাৰ সম্পত্তিৰ চাঞ্চল্যকৰ দস্তাবেজ।

চাকৰিত যোগদানৰ কেৱল ৫ বছৰৰ ভিতৰতে নূপুৰ বৰাই আয়তকৈ ৪১৬% অধিক সম্পত্তি সংগ্ৰহ কৰিছে বুলি ভিজিলেন্সে প্ৰমাণ লাভ কৰিছে। এতিয়ালৈকে মুঠ ৪৫ লাখ টকা দৰমহা লাভ কৰা নূপুৰৰ পৰা উদ্ধাৰ হৈছে কোটি কোটি টকাৰ অশোধিত সম্পত্তি।

অভিযানত উদ্ধাৰ হোৱা টকা আৰু সামগ্ৰীঃ

  • গুৱাহাটীৰ গোটানগৰৰ ফ্লেটৰ পৰা নগদ ৮২ লাখ টকা
  • বৰপেটাৰ বাসগৃহৰ পৰা ১০ লাখ টকা
  • এটা কাপোৰৰ ট্ৰলী বেগত লুকুৱা অৱস্থাত উদ্ধাৰ হয় প্ৰায় ৫৫ লাখ টকা
  • মুঠ নগদ উদ্ধাৰ হয় কোটি টকাৰও অধিক।

ট্ৰলীবেগৰ গোপন তলা ভাঙি মুদ্ৰা উদ্ধাৰ কৰাৰ সময়ত ভিজিলেন্সৰ দলৰ চকু কপালত উঠিছিল। পুৰণি ৰবৰ বেণ্ডেৰে মেৰিয়াই থোৱা ৫০০, ২০০ আৰু ১০০ টকীয়াৰ গাঁঠিবোৰ প্ৰমাণ যে এই সম্পত্তি বহুদিন ধৰি লুকাই ৰখা হৈছিল।

বিলাসী সামগ্ৰী আৰু বেংক একাউণ্টঃ

  • উদ্ধাৰ হৈছে ৪টা ট্ৰলী ভৰি লাখ লাখ টকাৰ বিলাসী ব্ৰেণ্ডৰ কাপোৰ
  • নূপুৰ বৰাৰ ৯টা বেংক একাউণ্ট চিনাক্ত কৰা হৈছে, ইয়াৰে এটা একাউণ্টতে মাত্ৰ ১৫ লাখ টকা পোৱা গৈছে।
  • উদ্ধাৰ হৈছে ১৪ ডাল সোণৰ চেইন, ২ ডাল হীৰাৰ নেকলেছ, ১৫টা হীৰাৰ আঙঠি আৰু ৩ ডাল হীৰাৰ ব্ৰেছলেট

নূপুৰ বৰাৰ অজুহাতঃ

প্ৰশ্নোত্তৰত নূপুৰে প্ৰথমে কয়, উদ্ধাৰ হোৱা ৪ লাখ টকা মাটি কিনিবলৈ ৰখা টকা। পুনৰ ২৪ লাখ টকা ফ্লেট কিনাৰ বাবে বিক্ৰেতাই ঘূৰাই দিছিল বুলি দাবী কৰে। কিন্তু পিছত আকৌ টকা উদ্ধাৰ হোৱাৰ লগে লগে নূপুৰৰ বক্তব্যত ভিজিলেন্সৰ সন্দেহ বৃদ্ধি পায়।

ভিজিলেন্সৰ অভিযানত এতিয়াও নতুন নতুন তথ্য উন্মোচিত হৈ আছে। নূপুৰ বৰাৰ দুৰ্নীতিৰ কাহিনী অসমৰ দুৰ্নীতিৰ ইতিহাসত এক গভীৰ ক’লা অধ্যায় হিচাপে লিপিবদ্ধ হৈ ৰ’ব বুলি জনাইছে আৰক্ষী সূত্র।

👉 নূপুৰ বৰাৰ এই সম্পত্তি কাহিনী খবৰ পঢ়ি মানুহে একে মাতত কৈ উঠিছে —
“চকু কপালত উঠিবলগীয়া দুৰ্নীতি!”

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top