
earthquake । তেজপুৰত ভূমিকম্পৰ জোকাৰণিৰ ফলত এক শোকাবহ ঘটনা সংঘটিত হৈছে। ৫০ বছৰীয়া য়াচমিন খান নামৰ মহিলাগৰাকীৰ হৃদক্রিয়া বন্ধ হৈ মৃত্যু ঘটে। ভূমিকম্পৰ সময়ত মহিলাগৰাকী শুই থকা অৱস্থাতেই ভীতিগ্রস্ত হয় আৰু হৃদযন্ত্র বন্ধ হৈ মৃত্যুবৰণ কৰে বুলি জানিব পৰা গৈছে।

শনিবাৰে ৪ বজাৰ ৪৩ মিনিটত এই প্ৰৱল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৫.৯। ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত অৱস্থিত আছিল।
এই ভূমিকম্পৰ জোকাৰণি কেৱল অসমতেই নহয়, নেপাল, ম্যানমাৰ, ভূটান, চীন আৰু ভাৰতসহ ৫খন দেশত অনুভূত হৈছে।
