FACK DOCTOR । কাছাৰত পুনৰ দুজন ভুৱা চিকিৎসক আটক
কাছাৰ জিলাত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। বিগত কেইদিনত ছয়জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পাছত, বুধবাৰে পুনৰ দুজন ভুৱা চিকিৎসকক আটক কৰিবলৈ সক্ষম হয় কাছাৰ আৰক্ষী।

বৰখলা আৰু জিৰিঘাট অঞ্চলৰ দুটা ফাৰ্মাচীৰ পৰা নীহাৰ হুছেইন মাঝাৰভুঞা আৰু ৰাধেসাম ৰবিদাস নামৰ দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হয়। নীহাৰ হুছেইন মাঝাৰভুঞাই বেংগালুৰুৰ এখন মেডিকেল কলেজৰ এমবিবিএছৰ ভুৱা ডিগ্ৰী দেখুৱাই দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি আহিছিল। একেদৰে ৰাধেসাম ৰবিদাসেও এমবিবিএছৰ ভুৱা প্ৰমাণপত্ৰৰে জিৰিঘাট বাগান আৰু জিৰিঘাট বজাৰত ৰোগীৰ চিকিৎসা কৰি আহিছিল।

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা বিশেষ অভিযানত ভুৱা চিকিৎসক দুজনক আটক কৰাৰ লগতে আৰক্ষীয়ে সংশ্লিষ্ট ফাৰ্মাচীৰ পৰা বহু ভুৱা নথিও জব্দ কৰে।
এই অভিযানৰ ফলত স্থানীয় ৰাইজে আৰক্ষীক ভুয়সী প্ৰশংসা জনাইছে। সংবাদ মাধ্যমৰ সৈতে কথা পাতোতে কাছাৰৰ এছ এছ পি নুমাল মহত্তাই জানিবলৈ দিয়ে যে, ঘটনাৰ সম্পূৰ্ণ তদন্ত অব্যাহত আছে।
