নেপালত অৱসান হোৱাৰ দিশে ছাত্ৰ অভ্যুত্থান! Gen-Zৰ ডাঙৰ ঘোষণা । Gen- Z

নেপালত অৱসান হোৱাৰ দিশে ছাত্ৰ অভ্যুত্থান! Gen-Zৰ ডাঙৰ ঘোষণা । Gen- Z

Gen-Z । অৱসান হোৱাৰ দিশে নেপালৰ ছাত্ৰ অভ্যুত্থান !

প্ৰতিবাদৰ মাজতে একাংশই চলালে লুটপাতনেপালত চলি থকা ছাত্ৰ অভ্যুত্থান এক প্ৰধান মোড়ত আহি উপস্থিত হৈছে। মঙলবাৰ নিশা Gen-Z নেতৃত্বে এক ডাঙৰ সিদ্ধান্ত ঘোষণা কৰি কয় যে, আপাতত প্ৰতিবাদ স্থগিত ৰখা হ’ব।

Gen-Z নেতৃত্বে অভিযোগ তোলে, একাংশ অসামাজিক শক্তিয়ে প্ৰতিবাদৰ সুযোগ লৈ অপব্যৱহাৰ কৰিছে। তেওঁলোকে লুটপাত, ৰাজহুৱা সম্পত্তি ভাঙচুৰ আৰু হিংসাত্মক ঘটনা ঘটাই আন্দোলনৰ মূল উদ্দেশ্যক বিকৃত কৰিছে বুলি অভিযোগ।

ফলস্বৰূপে, আন্দোলনকাৰী শিক্ষাৰ্থীসকলে গণ বিদ্ৰোহ সাময়িকভাৱে স্তগিত ৰখাৰ সিদ্ধান্ত লৈছে। লগতে ঘোষণা কৰা হৈছে, কাইলৈ পুৱা ১০ বজাৰ পৰা Gen-Z স্বেচ্ছায় আগবঢ়ি নেপালৰ ধ্বংসাৱশেষ পৰিষ্কাৰ অভিযান আৰম্ভ কৰিব।

এই সিদ্ধান্তক অনেকে অভিনন্দন জনাইছে। তেওঁলোকৰ মতে, Gen-Z নেতৃত্বে দায়িত্বশীলতাৰ পৰিচয় দি সমাজৰ আগত এটা নতুন দৃষ্টান্ত স্থাপন কৰিলে।

👉 নেপালৰ ৰাজনৈতিক পৰিস্থিতি কোন দিশে গতি ল’ব, সেইয়া এতিয়া সময়ই জনাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top