জুবিন গাৰ্গক প্ৰথমবাৰৰ বাবে ‘প্লেটফৰ্ম’ দিছিল জয়ন্ত মল্লবৰুৱাই ! Jayanta Malla Baruah & Zubeen garg

জুবিন গাৰ্গক প্ৰথমবাৰৰ বাবে ‘প্লেটফৰ্ম’ দিছিল জয়ন্ত মল্লবৰুৱাই ! Jayanta Malla Baruah & Zubeen garg


Jayanta Malla Baruah & Zubeen garg । জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ প্ৰতিভা প্ৰথমবাৰৰ বাবে উমান পাইছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কলেজীয়া দিনৰ সেই সময়ৰ এক বিশেষ অভিজ্ঞতা উলিয়াই মুকলি সভাত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

শনিবাৰে নিশা বঙাইগাঁৱৰ অভয়াপুৰী মহাবিদ্যালয়ত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পশ্চিম মণ্ডল আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ মুকলি সভাত উপস্থিত থাকি জয়ন্ত মল্লবৰুৱাই এই ডাঙৰ মন্তব্য কৰে।

তেওঁ কয় —
“বি বৰুৱা কলেজত সাধাৰণ সম্পাদক পদত থাকোতে মই জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিলোঁ। তেওঁ তেতিয়া কলেজলৈ অহা-নতুন আছিল। মই জুবিনক যুৱ মহোৎসৱলৈ লৈ গৈছিলোঁ। সেয়াই আছিল তেওঁৰ প্ৰথম চিনাকি। সেই প্ৰতিযোগিতাত জুবিনে সোণৰ পদক পাইছিল।”

তেওঁৰ মতে, সেই সময়তে জুবিনৰ সংগীত প্ৰতিভা চিনাকি কৰি তুলি তেওঁক উৎসাহিত কৰিছিল। আৰু সেই সুযোগই আজিৰ দিনত অসমীয়া সংগীত জগতৰ ‘ৰকষ্টাৰ’ ৰূপে জুবিনক সমগ্ৰ দেশত চিনাকি কৰাই দিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top