বোৱাৰী প্ৰেম !ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক ভাবে ধৰ্ষণ ! । Love Crime News

বোৱাৰী প্ৰেম !ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক ভাবে ধৰ্ষণ ! । Love Crime News

Love Crime News । প্ৰথমে প্ৰেম, তাৰ পিছত বিয়া—এনে এটা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। কিচমত হাসদহৰ ৩য় খণ্ডৰ বাসিন্দা মনজুমা খাতুন নামৰ এগৰাকী বোৱাৰীজনী, যিজনী এগৰাকী সন্তানৰ মাক, স্বামীয়ে ঘৰত নথকাৰ সুযোগত প্ৰেমিক আবু ছিদ্দিকৰ সৈতে পলাই যায়

অভিযোগ অনুসৰি, আবু ছিদ্দিকে বিভিন্ন প্ৰলোভন দেখুৱাই মনজুমাক বিয়া কৰিবলৈ বাধ্য কৰে। কিন্তু বিয়াৰ পিছত বোৱাৰীজনীৰ ইচ্ছাৰ বিৰুদ্ধে বলপূৰ্বক ধৰ্ষণ কৰি আহিছিল। ইয়াতেই শেষ নহয়, আবু ছিদ্দিকে মনজুমাক অনৈতিক কামত লগাই ধন উপাৰ্জনৰ চেষ্টাও কৰে

মনজুমাই অস্বীকাৰ কৰাৰ পিছত, যোৱা ৩১ জুলাই, ২০২৫ তাৰিখে আবু ছিদ্দিকে তেওঁৰ ওপৰত নিষ্ঠুৰ অত্যাচাৰ চালায়। প্ৰথমে হাতেৰে আৰু লাঠিৰে আঘাত কৰে, তাৰ পাছত কাপোৰে মেৰিয়াই হত্যা কৰাৰ চেষ্টা কৰে।

চিঞৰ-চেঁচাৰ শুনি স্থানীয় ৰাইজে বোৱাৰীজনীক উদ্ধাৰ কৰে। প্ৰাণ বচাবলৈ সক্ষম হোৱা মনজুমাই পাছত আৰক্ষীৰ কাষ চাপিলে। কিন্তু তেওঁৰ অভিযোগ, আৰক্ষীয়ে এই ঘটনাটোক গুৰুত্ব নিদিয়ে

এই ঘটনাই সমগ্ৰ অঞ্চলতে আলোড়ন সৃষ্টি কৰিছে আৰু আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top