Guwahati Crime News । গুৱাহাটী মহানগৰীত পুৱা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্থানীয় টুছঞ্জ গেষ্ট হাউছৰ একেটা কোঠাৰ পৰা উদ্ধাৰ হৈছে দুটা মৃতদেহ— এজন প্ৰাপ্তবয়স্ক যুৱক আৰু এজন ১৫ বছৰীয়া কিশোৰ।

মৃত যুৱকজনৰ পৰিচয় মকিবুৰ ৰহমান (৩৫) বুলি নিশ্চিত কৰা হৈছে। মকিবুৰে ৫ ছেপ্টেম্বৰত উক্ত গেষ্ট হাউছৰ কোঠা বুক কৰিছিল। তাৰ পাছত ৬ ছেপ্টেম্বৰত ভাৰালৈ অনা এখন থাৰ গাড়ীৰে কিশোৰটিক লৈ গেষ্ট হাউছত প্ৰৱেশ কৰিছিল। মৃত কিশোৰজন গুৱাহাটীৰ চানমাৰীস্থিত গণেশ নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

সূত্ৰৰ মতে, কিশোৰজনৰ সন্ধানহীন হোৱাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে থানাত গোচৰ ৰুজু কৰিছিল। তাৰ ভিত্তিত নিশা অভিযান চলাইছিল আৰক্ষীয়ে। তদন্তৰ মাজতেই গেষ্ট হাউছৰ উক্ত কোঠাত দুয়ো জনৰ মৃতদেহ উদ্ধাৰ হয়।

কিশোৰজনৰ মৃতদেহ তেজেৰে তুমৰলি অৱস্থাত উদ্ধাৰ হৈছে, আৰু মকিবুৰৰ মৃতদেহ চিপ লোৱা অৱস্থাত পোৱা যায়। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ফৰেনছিক টিমৰ সহায় লৈ গেষ্ট হাউছত তন্ন-তন্নকৈ পৰীক্ষা আৰম্ভ কৰিছে। ঘটনাস্থলত স্নিফাৰ ডগৰ সহায়ও লোৱা হৈছে।
এই অঘটনাই সমগ্ৰ গুৱাহাটী নগৰীত চাঞ্চল্য সৃষ্টি কৰিছে। পৰিয়াল আৰু স্থানীয় লোকৰ মাজত তীব্ৰ উৎকণ্ঠা দেখা দিছে।
