হাইলাকান্দিৰ চৰাকাৰী লজত আপত্তিকৰ অৱস্থাত উদ্ধাৰ নাবালিকা ছাত্ৰী । Hailakandi

হাইলাকান্দিৰ চৰাকাৰী লজত আপত্তিকৰ অৱস্থাত উদ্ধাৰ নাবালিকা ছাত্ৰী । Hailakandi

Hailakandi । হাইলাকান্দিৰ চৰাকাৰী লজত আপত্তিকৰ অৱস্থাত উদ্ধাৰ নাবালিকা ছাত্ৰী

হাইলাকান্দিত চৰকাৰী লজ লিজত লৈ যৌ*ন*তা*ৰ মুক্ত বেহা। অভিভাৱকে আপত্তিজনক অবস্থাত হাতে লোটে ধৰিলে নাবালিকা কলেজিয়া ছাত্ৰী সহ প্ৰেমিকক। আৰক্ষীৰ জিম্মাত প্ৰেমিক যুৱক।

হাইলাকান্দি চহৰৰ মাজ মজিয়াত থকা চৰকাৰি প্ৰশান্তি লজক কেইমাহমান আগতে লিজত লৈছিল শিলচৰৰ গ্ৰিন উড ৰিচৰ্ট-ৰ স্বত্বাধিকাৰী বাবুল ৰাই’য়ে।

অভিযোগ উঠিছে যে, মন্ত্ৰী কৌশিক ৰায়ৰ আত্মীয় বুলি পৰিচয় দি বাবুল ৰাইজক নিজৰ প্ৰভাৱ দেখুৱাই চৰকাৰী প্ৰশান্তি লজৰ নাম সলনি কৰি “গ্ৰিন উড ৰিচৰ্ট এণ্ড ৰেষ্টুৰেণ্ট” ৰাখে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, আৰম্ভণিৰ পৰাই এই ৰিচৰ্টত অনৈতিক কামকাজ চলি আহিছে।

অৰ্থৰ বিনিময়ত সহজে ঘন্টা অনুসৰি ৰুম দিয়া হয় আৰু ইয়াত নাবালিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন লোক সোমাই থকা দেখা যায়। আজিও এনেই এক নাবালিকা ছাত্ৰী সহ এক যুৱক সোমাইছিলে ৰিচৰ্টত । আৰু ঠিক একে সময়তে হল বিপত্তি।

নাবালিকাৰ অভিভাৱক আহি আপত্তিজনক অৱস্থাত হাতেলোটে ধৰি পেলালে নাবালিকাৰ সৈতে যুবক প্ৰেমিকক। পিছত আৰক্ষীক মাতি আনি যুবকক গতাই দিয়ে আৰক্ষীৰ হাতত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top