মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা , বিধৱা বোৱাৰীক অশ্লীল প্ৰস্তাৱ, প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ঘৰত সোমাবলৈ নিদিলে শহুৰে , অন্য যুৱতীৰ সৈতে নিশা ঘৰত সোমাই থাকিল ভূৱনেশ্বৰ ডেকাই ।GUWAHATI NEWS

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা , বিধৱা বোৱাৰীক অশ্লীল প্ৰস্তাৱ, প্ৰস্তাৱ মানি নোলোৱাৰ বাবে ঘৰত সোমাবলৈ নিদিলে শহুৰে , অন্য যুৱতীৰ সৈতে নিশা ঘৰত সোমাই থাকিল ভূৱনেশ্বৰ ডেকাই ।GUWAHATI NEWS

GUWAHATI NEWS । গুৱাহাটী মহানগৰীত সমাজক লাজত পেলোৱা এক ঘটনা। স্বামীৰ অকাল মৃত্যুতে বিধৱা হোৱা বোৱাৰীগৰাকীক নিজৰ ঘৰৰ পৰা উলিয়াই দিলে লম্পট শহুৰ ভূৱনেশ্বৰ ডেকাই। অভিযোগ অনুসৰি, ভূৱনেশ্বৰে অশ্লীল প্ৰস্তাৱ আগবঢ়াইছিল বোৱাৰীগৰাকীক। প্ৰস্তাৱ মানি নোলোৱাৰ বাবেই ঘৰত সোমাবলৈ বাধা দিছে শহুৰে।

পুত্ৰ হেৰুৱাই শিঁৰৰ সেন্দূৰ উকা কৰি দুখ-দুৰ্দশাৰ জীৱন চলাই থকা বোৱাৰীগৰাকী, দুজন সন্তান লৈ পুৱাৰে পৰা নিশা লৈ হিড়িম্বাপুৰস্থিত বাসগৃহৰ গেটৰ সন্মুখত বহি থাকিবলৈ বাধ্য হয়। এফালে বোৱাৰী সন্তানসহ গৃহহীন, আনফালে ভূৱনেশ্বৰে নিজেই ঘৰত অন্য যুৱতীৰ সৈতে নিশা কাটিবলৈ আৰম্ভ কৰে।

এই দৃশ্য দেখিবলৈ নাপাহৰি স্থানীয় ৰাইজে পুৱাৰে পৰা সহায়ৰ হাত আগবঢ়ায়। ভূৱনেশ্বৰে গৃহৰ দৰ্জা খুলি নিদিয়াত ক্ষুব্ধ স্থানীয়সকলে গ্ৰীল-দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। কিন্তু তাতো শহুৰ ভূৱনেশ্বৰে ৰাইজক আক্ৰমণ কৰে। ছুৰীৰে আক্রমণ কৰাৰ লগতে কামোৰেও স্থানীয় লোকজনক আহত কৰে।

ইফালে বোৱাৰীগৰাকীৰ বিস্ফোৰক অভিযোগ অনুসৰি, পুত্ৰৰ মৃত্যুৰ পাছতে নিজ বোৱাৰীগৰাকীক ভূৱনেশ্বৰে অশ্লীল প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ তুলি ধৰিছে বোৱাৰীগৰাকীয়ে। লগতে স্থানীয় ৰাইজৰ অভিযোগ, আৰক্ষীয়ে ভূৱনেশ্বৰ ডেকাক লৈ যোৱাৰ পাছতো ঘৰৰ ভিতৰতে এগৰাকী যুৱতী সোমাই থকা দেখা গৈছে।

👉 মহিলাগৰাকীয়ে ইতিমধ্যে ওদালবাক্ৰা আৰক্ষী থানাৰ লগতে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিনোৱাৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে প্ৰশাসনক তৎপৰতাৰে পদক্ষেপ লোৱাৰ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top