BTR-ত নতুন দল Alternative Party of Bodoland (APB)’ৰ প্ৰথম প্ৰাৰ্থী তালিকা প্ৰকাশ

বডোলেণ্ড অঞ্চলত সদ্য গঠন হোৱা ৰাজনৈতিক দল Alternative Party of Bodoland (APB)-এ আজিৰ দিনা নিজৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত BTR-ৰ ১৭ খন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে।

প্ৰথমখন তালিকাত উল্লেখযোগ্য হ’ল শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী। দলটোৱে এই সমষ্টিৰ পৰা উইলছন কুমাৰ কিস্কু’ক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।
শ্ৰীৰামপুৰ সমষ্টিৰ পৰা উইলছন কুমাৰ কিস্কু’ৰ নাম ঘোষণা হোৱাৰ পাছতেই দলৰ কৰ্মী-সমৰ্থকৰ মাজত আনন্দৰ ঢৌ উঠিছে। দলীয় কৰ্মীয়ে ফুলাম গামোচা আৰু মিঠাই খুৱাই প্ৰাৰ্থী গৰাকীক অভিনন্দন জনায়।
