Bhupen Hazarika । AASU । ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে বিশেষ বছৰজুৰি কাৰ্যসূচী। গুৱাহাটীত অনুষ্ঠিত আছুৰ ৰাজ্যিক কার্যনির্বাহক সভাত গৃহীত সিদ্ধান্ত অনুসৰি, জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ’ব ৰাজ্যৰ লগতে দেশে-বিদেশতো।

৮ ছেপ্টেম্বৰত ড° হাজৰিকাৰ ১০০ তম জন্মদিনত ৰাজ্যজুৰি আয়োজন কৰা হ’ব বিভিন্ন অনুষ্ঠান। পুৱতি নিশাত প্ৰতিখন জিলা সদৰত ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব শ্রদ্ধাঞ্জলি অনুষ্ঠান। সেই দিনাই গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতিমূৰ্ত্তিস্থলীত সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব ‘উদ্দীপনা’ অনুষ্ঠান। অনুষ্ঠাণত ১০০ গৰাকী শিল্পী, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু নাগৰিকে একেলগে গাই উঠিব সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে”।
এছএছুএ সাংস্কৃতিক ন্যাসৰ সৈতে মিলি আয়োজন কৰা ‘উদ্দীপনা’ অনুষ্ঠানত অসমৰ প্ৰতিখন জিলাৰ একোখন নির্বাচিত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকল সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিব। লগতে সন্ধিয়াৰে প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ এলেকাত অনুষ্ঠিত কৰিব বস্তি প্ৰজ্বলন অনুষ্ঠান।
স্মৃতিচারণমূলক কাৰ্যসূচীৰ অংশ হিচাপে আছুৱে প্ৰকাশ কৰিব এখন স্মাৰক গ্ৰন্থ। এই গ্ৰন্থত ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ১০০ গৰাকী ব্যক্তিৰ লেখনি স্থান পাব। লগতে গুৱাহাটীত অনুষ্ঠিত হ’ব ড° হাজৰিকাৰ জীৱন আৰু সৃষ্টি বিষয়ক মুকলি কুইজ প্রতিযোগিতা।
আছুৰ আঞ্চলিক আৰু জিলা স্তৰত আয়োজন কৰা হ’ব—
- কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্রাংকন প্ৰতিযোগিতা,
- জিলা সদৰভিত্তিক আন্তঃবিদ্যালয় বক্তৃতা প্ৰতিযোগিতা,
- আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা,
- বিশ্ববিদ্যালয়সমূহত ড° হাজৰিকাৰ গীতৰ পর্যালোচনা অনুষ্ঠান।
ইয়াৰ লগতে আছুৱে ‘ৰং তুলিকাৰ এটা দিন’ শীৰ্ষক অনুষ্ঠানৰ যোগেদি ড° হাজৰিকাৰ চিন্তা-চেতনা আৰু সৃষ্টিক স্মৰণ কৰিব।
