Smart Bazar । শিৱসাগৰ নগৰৰ নামীদাম বাণিজ্যিক প্ৰতিষ্ঠান স্মাৰ্ট বজাৰত নাবালকক প্ৰহাৰ কৰা ঘটনাকলৈ তীব্ৰ আলোড়ন সৃষ্টি কৰিছে।

ঘটনা অনুসৰি কিশোৰ জনে ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ স্মাৰ্ট বজাৰত আহে । প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ধন পৰিশোধ কৰাৰ পিছত দোকানৰ পৰা ওলাই অহাৰ সময়তে কৰ্মচাৰীসকলে কিশোৰজনৰ ওপৰত ধন পৰিশোধ নকৰাকৈ সামগ্ৰী লৈ যোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ তোলে।
এই অভিযোগৰ ভিত্তিত কিশোৰজনক দোকানৰ ভিতৰৰ কেমেৰা নথকা স্থানলৈ লৈ গৈ প্ৰহাৰ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ সদস্যসকলে কতৃপক্ষক চি চি টিভি ফুটেজ প্ৰদৰ্শনৰ অনুৰোধ জনায়, কতৃপক্ষই ফুটেজ প্ৰদান কৰিবলৈ অসমৰ্থতা প্ৰকাশ কৰে।
ঘটনাটোৰ পিছত পৰিয়ালৰ লোকসকলে দোকানত উপস্থিত হৈ স্মাৰ্ট বজাৰৰ মেনেজাৰসহ কৰ্মচাৰীৰ জৱাবদিহিতা বিচাৰে। অৱশেষত পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এজন কৰ্মচাৰীকে আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়।
নাবালক কিশোৰজনৰ পৰিয়ালই ইতিমধ্যে ঘটনাটো সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । এই ঘটনাই এক প্ৰশ্নবোধক চিহ্ন তুলিছে যে, নামীদামি প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে গ্ৰাহকক বিশেষকৈ নাবালকৰ সৈতে এনে অনৈতিক ব্যৱহাৰ কৰিবলৈ কিদৰে সাহস পালে! তাকলৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
