Kishore Upadhyay । অসমবাসীক হতভম্ব কৰি তোলা পদ্মশ্ৰী ছৈয়দা হামিদৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া জনালে বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে। সংবাদমেলত উপাধ্যায়ে কয়— ‘‘নিজকে বুদ্ধিজীৱী বুলি কোৱা একাংশই আয়োজন কৰা সভাত এগৰাকী মহিলাই কৰা মন্তব্যই অসমবাসীক হতচকিত কৰিছে।’’

তেওঁ প্ৰশ্ন তোলে, ‘‘অসম বিৰোধী মন্তব্য কৰাৰ পিছতো অজিৎ কুমাৰ ভূঞাই এতিয়ালৈকে এষাৰো মন্তব্য কৰিলে নে? এই নীৰৱতা অতিকৈ লজ্জাজনক।’’
উপাধ্যায়ে অভিযোগ তোলে, কংগ্ৰেছ আৰু অজিৎ ভূঞাই অসমৰ মাটিত অবৈধ বাংলাদেশীক আশ্ৰয় দিব বিচাৰে। তেওঁ স্পষ্টভাৱে কয়— ‘‘অসমত কোনো লোকে দৰিদ্ৰতাৰ বাবে ভূমি বেদখল কৰা নাই।’’
সংবাদমেলত উপাধ্যায়ে উৰিয়ামঘাটৰ উচ্ছেদিতসকলৰ প্রসঙ্গো তোলে। তেওঁ কয়— ‘‘যিসকলক উৰিয়ামঘাটত উচ্ছেদ কৰা হৈছিল, সেয়েই লোকসকলে এতিয়া আকৌ উৰিয়ামঘাটতেই ভোট দিবলৈ আবেদন কৰিছে।’’
তেওঁ বুদ্ধিজীৱী মহলৰ কিছুমানক লক্ষ্য কৰি মন্তব্য কৰে— ‘‘অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বিৰুদ্ধে কিছুমান বুদ্ধিজীৱী সক্ৰিয় হৈ আছে। এই সকলে নিজকে আধুনিক বদন বুলি আজিৰ দিনত চিনাকী দিছে।’’
