জনপ্ৰিয় কণ্ঠশিল্পীদীপলিনা ডেকাই ২৫ আগষ্টতদিলে ভালখবৰ । ২৫ আগষ্ট দীপলিনাৰ বাবে কিয় বিশেষ? । Deeplina Deka

জনপ্ৰিয় কণ্ঠশিল্পীদীপলিনা ডেকাই ২৫ আগষ্টতদিলে ভালখবৰ । ২৫ আগষ্ট দীপলিনাৰ বাবে কিয় বিশেষ? । Deeplina Deka

Deeplina Deka । জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই ২৫ আগষ্টৰ দিনটো নিজৰ জীৱনৰ এক বিশেষ দিন বুলি বৰ্ণনা কৰিছে। দীপলিনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এখন ভিডিঅ’ত কয়, ‘‘যিসকলে জানে তেওঁলোকে জানে, এই দিনটো মোৰ বাবে অতি বেছি বিশেষ। ৭ বছৰ আগতে মোৰ দৰে এগৰাকী সাধাৰণ ছোৱালীৰ জীৱনটো আপোনালোকে অসাধাৰণ কৰি তুলিছিল।’’

তেওঁয়ে মনত পেলাই কয়, ২০১৮ চনৰ ২৫ আগষ্টত বি বৰুৱা কলেজত এটা অনুষ্ঠানত অংশ লোৱাৰ পিছতেই তেওঁৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিছিল। তাৰ পাছত দীপলিনাৰ গানক লৈ সমাজত উদ্দীপনামূলক প্ৰতিক্ৰিয়া, অসংখ্য কল, মেছেজ, কমেণ্টে তেওঁৰ জীৱনক এক নতুন দিশলৈ লৈ গৈছিল। লগতে তেওঁ সোঁৱৰণ কৰে ২০২০ চনৰ ২৫ আগষ্টৰ দিনটোৰ কথা, যেতিয়া ‘ভৱাই নাছিলো…’ নামৰ গীতটিয়ে কেৱল দুদিনৰ ভিতৰতে ১ মিলিয়ন ভিউজ অতিক্ৰম কৰিছিল।

প্ৰতিজন দৰ্শক আৰু অনুৰাগীক ধন্যবাদ জনাই দীপলিনাই কয়, ‘‘মোক এইটো জীৱন দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকক কেনেকৈ ধন্যবাদ জনাম, মই শব্দই বিচাৰি নাপাওঁ।’’

ইপিনে, আজি ২৫ আগষ্টত দীপলিনা ডেকাই নিজৰ ইউটিউব চেনেলৰ জৰিয়তে নতুন গীত ‘ভাবিলে তোমাক…’ ৰিলিজ কৰিছে। গানটোৰ ভিডিঅ’টোত দীপলিনাৰ সৈতে অভিনয় কৰিছে অভিনেতা পাৰ্থ হাজৰিকাই। ইতিমধ্যে গানটোৱে অনলাইনত উৎসাহজনক সঁহাৰি লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top