Love Affair । কাছাৰৰ ধলাইৰ খুলিচৰা ৰাজনগৰ গাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নী আৰু প্ৰেমিক মিলি স্বামীক বিষ খুৱাই হ*ত্যা* কৰাৰ ঘটনা পোহৰলৈ আহি সমগ্ৰ অঞ্চলত ব্যাপক উত্তেজনা সৃষ্টি কৰিছে।

ধলাইত পৰকীয়া প্ৰেমৰ চাঞ্চল্যকৰ পৰিণতি : পত্নী আৰু প্ৰেমিকে মিলি স্বামীক বিহ খুৱাই হ*ত্যা* ।Love Affair

Love Affair । কাছাৰৰ ধলাইৰ খুলিচৰা ৰাজনগৰ গাঁওত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পত্নী আৰু প্ৰেমিক মিলি স্বামীক বিষ খুৱাই হ*ত্যা* কৰাৰ ঘটনা পোহৰলৈ আহি সমগ্ৰ অঞ্চলত ব্যাপক উত্তেজনা সৃষ্টি কৰিছে।

খবৰ অনুসৰি, ধলাই ৰাজনগৰ গাঁৱৰ পঞ্চায়ত সভাপতি ইমৰান হুছেইনৰ মৃত্যু হয় যোৱা ১০ আগষ্টত। প্ৰথমতে পৰিয়ালসহ গাঁওবাসীয়ে এই মৃত্যু স্বাভাবিক বুলি ভাৱিছিল। কিন্তু মৃত্যুৰ ১০ দিন পাছত পোহৰলৈ আহে এক অকলঙ্কিত সত্য – ইমৰানক হ*ত্যা* কৰা হৈছিল।

ইমৰানৰ পত্নী ৰীণা বেগমৰ সৈতে তেওৰ চালক বিজু আহমেদৰ পৰকীয়া প্ৰেমৰ সম্পর্ক আছিল। পূৰ্বে এই বিষয় জানি লোৱাৰ পাছত ইমৰানৰ সৈতে পত্নীৰ কথা কাটাকাটি হৈছিল আৰু চালক বিজুক চাকৰিৰ পৰা উলিয়াই দিয়িছিল। কিন্তু তাৰে পাছত বিজু আৰু ৰীনাই পৰিকল্পনা কৰি ইমৰানক সৰুপত হ*ত্যা কৰে।

বিজুৱে বিষ ক্ৰয় কৰি ৰীনাক দিয়াৰ পাছত, ৰীণাই নিশাৰ আহাৰত সেই বিষ মিশাই খুৱাইছিল স্বামী ইমৰানক। খোৱাৰ পাছতে ইমৰানৰ মৃত্যু হয়। এই ঘটনা প্ৰথমতে লুকুৱাই ৰাখিছিল পত্নী আৰু প্ৰেমিকে। কিন্তু সন্দেহৰ আঁচ পাই ইমৰানৰ বন্ধু-বান্ধৱই বিজুক আটক কৰি মোবাইল চেক কৰে। তাৰ পিছত বিজুৱে নিজেই হত্যাৰ কথা স্বীকাৰ কৰে।

ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁওত উত্তেজনা বিস্তাৰ লাভ কৰে। শত শত লোক উপস্থিত হৈ হত্যাকাৰী পত্নী আৰু প্ৰেমিকক লপাথপা দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ আৰক্ষী বাহিনী উপস্থিত হৈ ৰীণা বেগমক গ্ৰেপ্তাৰ কৰে। লগতে ৰীণাৰ ভনতি-ভাই আৰু পিতৃকো আৰক্ষীয়ে আটক কৰিছে।

এই ভয়ংকৰ ঘটনাই সমগ্ৰ ধলাই অঞ্চলক কঁপাই তুলিছে। জনসাধাৰণ এই হত্যাকাণ্ডৰ তীব্ৰ নিন্দা কৰিছে আৰু হত্যাকাৰীসকলক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top