দৰং জিলাৰ জনপ্ৰতিনিধি হেমন্ত কুমাৰ ডেকাৰ আকস্মিক বিয়োগ ।Hemanta Kumar Deka

দৰং জিলাৰ জনপ্ৰতিনিধি হেমন্ত কুমাৰ ডেকাৰ আকস্মিক বিয়োগ ।Hemanta Kumar Deka

Hemanta Kumar Deka । দৰং জিলাৰ জনপ্ৰতিনিধি হেমন্ত কুমাৰ ডেকাৰ আকস্মিক বিয়োগ ।দৰং জিলাৰ দেওমৰনৈ-টেঙাবাৰী জিলা পৰিষদৰ সদস্য তথা বিজেপি দলৰ এগৰাকী পুৰনি নিষ্ঠাবান কৰ্মী হেমন্ত কুমাৰ ডেকাৰ আজি আকস্মিক মৃত্যু ঘটে।

হঠাৎ অসুস্থ হৈ ১১ আগষ্টৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ। অৱশেষত আজি ৰাতিপুৱা প্ৰায় ৭.৪৫ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।

অতি ভদ্ৰ, নম্ৰ স্বভাৱৰ লগতে সমাজসেৱী হিচাপে খ্যাত হেমন্ত কুমাৰ ডেকাই দীৰ্ঘ সময় ধৰি পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰতিনিধি হিচাপে জনসাধাৰণৰ সেৱা কৰিছিল।

বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলীয় প্ৰাৰ্থী হিচাপে জিলা পৰিষদৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল।

তেখেতৰ অকাল মৃত্যুত শোকস্তব্ধ হৈছে বহু শুভাকাঙ্ক্ষী, আত্মীয়-স্বজন, বিজেপি দলৰ নেতা-কর্মী আৰু দৰং জিলাৰ সাধাৰণ ৰাইজ। সমাজৰ বাবে এক অপূৰণীয় ক্ষতি হ’ল বুলি প্ৰকাশ পাইছে শোকৰ সুৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top