Siddhartha Sharma । বহু বছৰীয়া বিৰতিৰ অন্তত পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত উভতি আহিব জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা। অসমবাসীৰ মাজত ‘বেহাৰবাৰী আউট পোষ্ট’ৰ কে কে চৰিত্ৰৰে প্ৰচণ্ড খ্যাতি অৰ্জন কৰা এইজন অভিনেতাই ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে এখন আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী হেঙুল থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে।

ইতিমধ্যে ৰাজ্যত ২০২৫-২৬ নাট্যবৰ্ষৰ নাট্যযাত্ৰা আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালকৈ আগন্তুক বৰ্ষৰ বাবে প্ৰতিটো নাট্যগোষ্ঠীয়ে মঞ্চত নতুনত্ব আনি দৰ্শকক চমক দিবলৈ প্রস্তুতি চলাইছে। এই পৰিপ্ৰেক্ষিতত সিদ্ধাৰ্থ শৰ্মাৰ হেঙুল থিয়েটাৰলৈ উভতি আহিলে দৰ্শকৰ মাজত নতুন উৎসাহ সৃষ্টি কৰিব বুলি নাট্যপ্ৰেমী মহলে অনুমান কৰিছে।

‘শ্ৰীৰঘূপতি’, ‘স্বৰ্গৰথ’, ‘ৰাজনীতি’, ‘চিকাৰ’, ‘ইমন’, ‘দূৰদৰ্শন’ আদি অসংখ্য চলচ্চিত্ৰ আৰু ধাৰাবাহিকত সফল অভিনয় কৰি নিজৰ অভিনয় কুশলতাৰে দীৰ্ঘদিন ধৰি অসমবাসীৰ হৃদয়ত এক সুকীয়া স্থান গঢ়ি তুলিছে সিদ্ধাৰ্থ শৰ্মাই।
হেঙুল থিয়েটাৰৰ জৰিয়তে আগন্তুক নাট্যবৰ্ষত কে কে খ্যাত এইজন অভিনেতাক পুনৰ মঞ্চত দেখিবলৈ পাব দৰ্শকে। নাট্যজগতত এই খবৰ ইতিমধ্যেই চাঞ্চল্য সৃষ্টিৰ লগতে ভ্ৰাম্যমাণ নাট্যৰঙত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ আভাস দিছে।
