ক্ষেত্ৰীৰ চক্ষুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিঃশেষ এটি পৰিয়াল । Khetri Accident

Khetri Accident । ক্ষেত্ৰীৰ চক্ষুৰা অঞ্চলত মঙলবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই ভয়ংকৰ ঘটনাত থিতাতে প্ৰাণ হারায় দম্পতী গজেন্দ্ৰ মোহন দেৱশৰ্মা (ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ) আৰু পত্নী অৰ্চনা দেৱী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দম্পতীৰ কন্যা কুমলী দেৱী।

স্থানীয় সূত্র মতে, তেওঁলোকৰ গাড়ী এটি বেগত অহা এখন বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS 01 ET 2351 নম্বৰ বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী আছিল বাহনখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনৰ পিছফালৰ চীটত বহি থকা তেওঁলোকৰ কন্যা।

গুৰুতৰ অৱস্থাত কুমলী দেৱীক তৎক্ষণাৎ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলৰ দৃশ্যই স্থানীয় জনতাক স্তম্ভিত কৰি তোলে।দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ক্ষেত্ৰী যান-বাহন আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়। আহত ৮ বছৰীয়া কন্যাক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পুলিচে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই দুৰ্ঘটনাই ক্ষেত্ৰী আৰু আশপাশৰ অঞ্চলত শোকৰ ছাঁ নামি আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top