ঘাতক ঘনকান্তৰ নৃশংসতাত নিমিষতে শেষ হ’ল হেলেনাৰ জীৱন!
হোটেল বিলাস ইনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী আচলতে কোন? গুৱাহাটীত কেনেকৈ আৰম্ভ কৰিছিল ব্যৱসায়ৰ যাত্ৰা?

মহানগৰীৰ হোটেল বিলাস ইনত সংঘটিত ভয়ংকৰ গুলীচালনাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। এই নৃশংস ঘটনাত প্ৰাণ হেৰুৱাইছে হোটেলখনৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপ, বোৱাৰীয়েক ৰিণিকি কাশ্যপ, জ্যেষ্ঠ ভাতৃ ভূদেৱ ভৰালী আৰু নাৰায়ণ দাসে। আনহাতে, গুলীচালনাত আহত হোৱা হোটেলখনৰ কৰ্মচাৰী সত্যেন্দ্ৰ পাঠক বৰ্তমান চিকিৎসাধীন হৈ আছে।
হোটেলৰ লীজৰ চুক্তি আৰু ভাৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিবাদেই এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ বুলি হেলেনাৰ পৰিয়ালে অভিযোগ কৰিছে। ব্যৱসায়িক বিবাদৰ এনে ভয়ংকৰ পৰিণতিয়ে স্বাভাৱিকতে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। কিন্তু এই শোকাৱহ ঘটনাৰ মাজতে চৰ্চালৈ আহিছে হেলেনা ভৰালীৰ জীৱন আৰু সংগ্ৰামৰ কাহিনী। গুৱাহাটীত কেনেকৈ নিজৰ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছিল হেলেনাই?

বৰপেটাৰ পৰা গুৱাহাটীলৈ হেলেনাৰ যাত্ৰা
হেলেনা বি ভৰালী আছিল বৰপেটা জিলাৰ ইচ্ছাপুৰহাটীৰ সুপৰিচিত ব্যৱসায়ী বিলাস ভৰালীৰ কন্যা। বিলাস ভৰালীয়ে গাড়ীৰ ব্যৱসায়ৰ জৰিয়তে অঞ্চলটোত প্ৰতিষ্ঠা লাভ কৰিছিল। চিনেমাৰ প্ৰতিও তেওঁৰ আছিল বিশেষ অনুৰাগ। সেই অনুৰাগৰ বাবেই বিখ্যাত নৃত্যশিল্পী হেলেনৰ নাম অনুসৰি কন্যাৰ নাম ৰাখিছিল হেলেনা।
পুত্ৰ দেৱৰ্ষিৰ জন্মৰ পিছত হেলেনা গুৱাহাটীলৈ আহে। মহানগৰীত জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰা হেলেনাই প্ৰথম অৱস্থাত হোটেল বিলাস ইনৰ পিছফালৰ এটা কোঠাত বাস কৰিছিল। পৰৱৰ্তী সময়ত পিতৃয়ে জোনালীত থকা মাটিত তেওঁৰ বাবে তিনি মহলীয়া ঘৰ নিৰ্মাণ কৰি দিয়ে। সেই ঘৰতে ভাৰাঘৰৰ ব্যৱসায় আৰম্ভ কৰি নিজৰ ভৱিষ্যতৰ বাট মুকলি কৰে হেলেনাই।

আঠখন আসনেৰে আৰম্ভ, পিছলৈ ৬০ আসনৰ ছাত্ৰী নিবাস
১৯৯৭ চনত হেলেনা ভৰালীয়ে গাৰ্লছ হোষ্টেলৰ ব্যৱসায় আৰম্ভ কৰে। প্ৰথম অৱস্থাত মাত্ৰ আঠখন আসনেৰে আৰম্ভ কৰা হোষ্টেলখন পৰৱৰ্তী সময়ত ‘দেৱাৰ্ষিনা’ নামেৰে ৬০খন আসনলৈ সম্প্ৰসাৰণ কৰে।
হেলেনাৰ ব্যৱসায়িক জীৱনৰ অন্যতম উল্লেখযোগ্য দিশ আছিল তেওঁৰ কৰ্মনিষ্ঠা। প্ৰতিষ্ঠানখনৰ প্ৰতিটো কামতে তেওঁ নিজে জড়িত হৈছিল। প্ৰয়োজন অনুসৰি কেতিয়াবা ৱাৰ্ডেন, কেতিয়াবা চকীদাৰ, আনকি কেতিয়াবা ৰান্ধনিৰ দায়িত্বও পালন কৰিছিল। নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে হোষ্টেলৰ ব্যৱসায় আগুৱাই নিয়াৰ পিছত তেওঁ এটা বয়জ হোষ্টেলো আৰম্ভ কৰিবলৈ সক্ষম হৈছিল।

হোষ্টেলৰ পৰা কাৰিকৰী উদ্যোগ, বুটিকলৈ বিস্তাৰ
হেলেনা ভৰালীৰ ব্যৱসায়িক যাত্ৰা কেৱল হোটেল আৰু হোষ্টেলতে সীমাবদ্ধ নাছিল। তেওঁ ‘হেলেনাজ কাৰিকৰী উদ্যোগ’ নামৰ এটা প্ৰতিষ্ঠানো স্থাপন কৰিছিল। এই উদ্যোগৰ জৰিয়তে বিভিন্ন জিলাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইউনিফৰ্ম যোগান ধৰিছিল বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি তেওঁ নিজাকৈ এখন বুটিকো আৰম্ভ কৰিছিল। কম সময়ৰ ভিতৰতে বুটিকখনে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে সময়ৰ অভাৱত পৰৱৰ্তী সময়ত সেই ব্যৱসায় আনৰ হাতত অৰ্পণ কৰিবলগীয়া হয়।
নতুন নতুন ব্যৱসায়িক সম্ভাৱনাৰ সন্ধানত থকা হেলেনাই মহানগৰীৰ জু-ৰোডত ‘মুগা’ নামৰ আন এখন ব্যৱসায়িক প্ৰতিষ্ঠানো আৰম্ভ কৰিছিল। অসমীয়া বস্ত্ৰৰ ব্যৱসায়ৰ ক্ষেত্ৰতো নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ তেওঁ প্ৰয়াস কৰিছিল বুলি জানিব পৰা গৈছে। আনহাতে, তেওঁৰ ভাতৃ দিলীপ ভৰালীও চিনেমা হলৰ ব্যৱসায়ৰ সৈতে জড়িত।

লীজৰ বিবাদৰ মাজতে ভয়ংকৰ গুলীচালনা
হেলেনা ভৰালীৰ মালিকানাধীন হোটেল বিলাস ইন ঘনকান্ত গগৈক লীজত দিয়া হৈছিল। হোটেলৰ ভাৰা আৰু লীজৰ চুক্তিক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত বিবাদৰ সৃষ্টি হোৱা বুলি হেলেনাৰ পৰিয়ালে অভিযোগ কৰিছে।
পৰিয়ালৰ অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ভাৰা আদায় নিদিয়া আৰু চুক্তিৰ ম্যাদ উকলি যোৱাৰ বিষয়ক লৈ আলোচনা চলি আছিল। এই বিবাদৰ মাজতে হোটেলখনত গুলীচালনাৰ ঘটনা সংঘটিত হয়। অৱশ্যে বিবাদৰ সৈতে হত্যাকাণ্ডৰ প্ৰকৃত সম্পৰ্ক আৰু ঘটনাৰ আঁৰৰ সকলো দিশ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
শোকত ভাগি পৰিছে পৰিয়াল, উত্তৰ বিচাৰিছে বহু প্ৰশ্নৰ
নিজৰ পৰিশ্ৰম, একাগ্ৰতা আৰু ব্যৱসায়িক দক্ষতাৰে গুৱাহাটীত একাধিক ব্যৱসায় গঢ়ি তোলা হেলেনা ভৰালীৰ জীৱন এনেদৰে হঠাতে শেষ হৈ যোৱাত শোকস্তব্ধ হৈ পৰিছে পৰিয়াল-পৰিজন আৰু চিনাকি মহল।
এফালে একেটা পৰিয়ালৰ কেইবাগৰাকীও সদস্যৰ কৰুণ মৃত্যু, আনফালে ব্যৱসায়িক বিবাদক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগ—সমগ্ৰ ঘটনাই সৃষ্টি কৰিছে গভীৰ চাঞ্চল্যৰ। এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিবনে হত্যাকাণ্ডৰ আঁৰৰ সকলো ৰহস্য? হেলেনা ভৰালী আৰু তেওঁৰ পৰিয়ালৰ মৃত্যুৰ ন্যায় বিচাৰি ৰৈছে বহু প্ৰশ্নৰ উত্তৰ।
