৭৫ বছৰ বয়সত দেহাৱসান প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ

৭৫ বছৰ বয়সত দেহাৱসান প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ

৭৫ বছৰ বয়সত দেহাৱসান প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু, গোৱাৰ চিকিৎসালয়ত শেষ নিশ্বাস

প্ৰখ্যাত বলীউড অভিনেতা নানা পাটেকাৰ আৰু নাই। ৭৫ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে জ্যেষ্ঠ অভিনেতাগৰাকীৰ। বৃহস্পতিবাৰে পুৱা প্ৰায় ৫.২০ বজাত গোৱাৰ মণিপাল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে নানা পাটেকাৰে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা গোৱাস্থিত নিজ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল অভিনেতাগৰাকীক। ততাতৈয়াকৈ তেওঁক মণিপাল হাস্পতাললৈ নিয়া হয়। চিকিৎসালয়ত চিকিৎসকে প্ৰায় ৪৫ মিনিট ধৰি CPR দি জীৱন ৰক্ষাৰ চেষ্টা চলায় যদিও সেই প্ৰচেষ্টা সফল নহ’ল। অৱশেষত পুৱা ৫.২০ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

প্ৰাথমিকভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে মৃত্যুৰ সঠিক কাৰণ সম্পৰ্কে চিকিৎসালয় তথা পৰিয়ালৰ তৰফৰ পৰা বিস্তৃত তথ্য প্ৰকাশ কৰা হোৱা নাই। মৃত্যুৰ কাৰণ নিশ্চিত কৰাৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ কথাও জানিব পৰা গৈছে।

নানা পাটেকাৰৰ আকস্মিক মৃত্যুৰ খবৰে বলীউডৰ লগতে সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পেলাইছে। কিছুদিন পূৰ্বলৈকে ৰাজহুৱা অনুষ্ঠান আৰু চলচ্চিত্ৰ সম্পৰ্কীয় কাম-কাজত সক্ৰিয় আছিল শক্তিশালী অভিনয়শৈলীৰ বাবে পৰিচিত অভিনেতাগৰাকী।

১৯৫১ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰৰ মুৰুড-জঞ্জিৰাত জন্মগ্ৰহণ কৰা নানা পাটেকাৰৰ প্ৰকৃত নাম আছিল বিশ্বনাথ পাটেকাৰ। প্ৰায় পাঁচ দশকৰ দীঘলীয়া অভিনয় জীৱনত হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অসংখ্য স্মৰণীয় চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত সুকীয়া পৰিচয় গঢ়ি তুলিছিল তেওঁ।

১৯৭৮ চনত ‘গমন’ ছবিৰ জৰিয়তে হিন্দী চলচ্চিত্ৰত প্ৰৱেশ কৰা নানা পাটেকাৰে পৰৱৰ্তী সময়ত ‘ছালাম বম্বে!’, ‘পৰিন্দা’, ‘ক্ৰান্তিবীৰ’, ‘অগ্নিসাক্ষী’, ‘খামোশী: দ্য মিউজিকেল’, ‘আব তক ছাপ্পান’, ‘ৱেলকাম’ আৰু ‘ৰাজনীতি’ৰ দৰে বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছিল।

তেওঁৰ শক্তিশালী অভিনয় আৰু সংলাপ উপস্থাপনৰ নিজস্ব শৈলীয়ে দৰ্শকৰ লগতে সমালোচকৰো বিশেষ প্ৰশংসা লাভ কৰিছিল। ‘ক্ৰান্তিবীৰ’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছিল তেওঁ। ‘পৰিন্দা’ আৰু ‘অগ্নিসাক্ষী’ ছবিৰ বাবেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছিল নানা পাটেকাৰ।

চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে ২০১৩ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। অভিনেতাৰ উপৰি পৰিচালক আৰু লেখক হিচাপেও নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল নানা পাটেকাৰে। ১৯৯১ চনত ‘প্ৰহাৰ: দ্য ফাইনেল এটেক’ ছবিখন পৰিচালনা কৰিছিল তেওঁ।

চলচ্চিত্ৰৰ সমান্তৰালভাৱে থিয়েটাৰৰ সৈতেও দীৰ্ঘদিন ধৰি জড়িত আছিল নানা পাটেকাৰ। শেহতীয়াকৈও চলচ্চিত্ৰ আৰু OTT প্ৰকল্পত সক্ৰিয় আছিল অভিনেতাগৰাকী। ‘Housefull 5’, ‘Vanvaas’, ‘O Romeo’ আৰু ‘Subedaar’ৰ দৰে প্ৰকল্পত তেওঁৰ অভিনয় দৰ্শকে প্ৰত্যক্ষ কৰিছিল।

প্ৰায় পাঁচ দশকজোৰা অভিনয় জীৱনেৰে ভাৰতীয় চলচ্চিত্ৰত নিজৰ এক সুকীয়া অধ্যায় সৃষ্টি কৰা নানা পাটেকাৰৰ মৃত্যুত বলীউডে হেৰুৱালে এগৰাকী শক্তিশালী অভিনেতাক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top