অচেতন অৱস্থাত উদ্ধাৰ, চিকিৎসালয়ত ৪৫ মিনিট CPR
৭৫ বছৰ বয়সত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

প্ৰখ্যাত অভিনেতা নানা পাটেকাৰ আৰু নাই। ৭৫ বছৰ বয়সত দেহাৱসান ঘটে বলীউড আৰু মাৰাঠী চলচ্চিত্ৰ জগতৰ অন্যতম শক্তিশালী অভিনেতাগৰাকীৰ।

বৃহস্পতিবাৰে পুৱতি নিশা গোৱাৰ ডোনা পাওলাস্থিত নিজ বাসগৃহত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় নানা পাটেকাৰক। ততাতৈয়াকৈ তেওঁক মণিপাল হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসকে প্ৰায় ৪৫ মিনিট ধৰি CPR দি তেওঁক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলায় যদিও কোনো সঁহাৰি নোপোৱাত পুৱা প্ৰায় ৫.২০ বজাত চিকিৎসকে মৃত ঘোষণা কৰে।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, নানা পাটেকাৰে তীব্ৰ cardiac arrestৰ সন্মুখীন হৈছিল। অৱশ্যে ঘটনাটো মেডিকো-লিগেল কেছ হিচাপে পঞ্জীয়ন কৰা হৈছে আৰু মৃত্যুৰ আনুষ্ঠানিক কাৰণ নিশ্চিত কৰাৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

নানা পাটেকাৰৰ আকস্মিক মৃত্যুৰ খবৰে অনুৰাগী আৰু সমগ্ৰ চলচ্চিত্ৰ জগতক শোকাহত কৰি তুলিছে। জীৱনৰ শেষ সময়লৈকে অভিনয় জগতত সক্ৰিয় হৈ থকা অভিনেতাগৰাকীয়ে হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত প্ৰায় পাঁচ দশক ধৰি নিজৰ অনন্য অভিনয় প্ৰতিভাৰে দৰ্শকৰ হৃদয় জয় কৰিছিল।
‘পৰিন্দা’, ‘ক্ৰান্তিবীৰ’, ‘প্ৰহাৰ’, ‘খামোশী: দ্য মিউজিকেল’, ‘ৱেলকাম’, ‘আব তক ছাপ্পান’ আদি ছবিত তেওঁৰ শক্তিশালী অভিনয়ে বিশেষ চৰ্চা লাভ কৰিছিল। তীক্ষ্ণ সংলাপ উপস্থাপন আৰু স্বকীয় অভিনয় শৈলীৰ বাবে ভাৰতীয় চলচ্চিত্ৰত নানা পাটেকাৰে এক সুকীয়া স্থান গঢ়ি তুলিছিল।
শেহতীয়াকৈও তেওঁ চলচ্চিত্ৰ আৰু OTT প্ৰকল্পত সক্ৰিয় আছিল। ‘Housefull 5’, ‘Vanvaas’, ‘O’ Romeo’ আৰু ‘Subedaar’ৰ দৰে প্ৰকল্পত তেওঁক দেখা গৈছিল। ‘O’ Romeo’ত শ্বাহিদ কাপুৰ আৰু তৃপ্তি ডিমৰীৰ সৈতে অভিনয় কৰাৰ লগতে ইছমাইল খানৰ চৰিত্ৰত অভিনয় কৰিছিল।
নানা পাটেকাৰৰ মৃত্যুত ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা শক্তিশালী অধ্যায়ৰ অৱসান ঘটিল।
