শালকোচা আৰক্ষীৰ দুটাকৈ বৃহৎ অভিযান জব্দ ১৯টা চোৰাং গৰু !

শালকোচা আৰক্ষীৰ দুটাকৈ বৃহৎ অভিযান: জব্দ ১৯টা চোৰাং গৰু, ২২ বস্তা পিডিএছ চাউল আৰু ৩খন বাহন ।

ধুবুৰী জিলাৰ শালকোচা আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কঠোৰ অভিযান অব্যাহত ৰাখিছে। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চলোৱা দুটাকৈ পৃথক অভিযানত আৰক্ষীয়ে মুঠ ১৯টা চোৰাং গৰু, ২২ বস্তা চৰকাৰী পিডিএছৰ বগা চাউল, দুখন যন্ত্ৰচালিত নাও আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয়।

সোমবাৰে শালকোচা আৰক্ষীয়ে চান্দৰডিঙ্গা ছুৱাপাতা ২য় খণ্ড আৰু দুধনাথস্থিত ব্ৰহ্মপুত্ৰ নদীৰ পাৰঘাটত একে সময়তে বিশেষ অভিযান চলায়। অভিযানত ১৬টা চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে ২২ বস্তা চৰকাৰী পিডিএছৰ বগা চাউল জব্দ কৰা হয়। ইয়াৰ উপৰিও সৰবৰাহত ব্যৱহৃত দুখনকৈ যন্ত্ৰচালিত নাও আৰক্ষীয়ে জব্দ কৰে।

অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই সৰবৰাহকাৰী চক্ৰৰ কেইবাজনো সদস্যই ব্ৰহ্মপুত্ৰ নদীত জাঁপ দি পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। ঘটনাটোৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰাৰ বাবে শালকোচা আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰিছে।

ইফালে, দেওবাৰেও শালকোচা আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আন এক সফল অভিযান চলায়। শালকোচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন বৰা আৰু নায়ক হবিবৰ ৰহমানৰ নেতৃত্বত টিলাপাৰা-চান্দৰডিঙ্গা অঞ্চলত চলোৱা অভিযানত ৩টা চোৰাং গৰু আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰা হয়। জব্দ কৰা বাহনখনৰ নম্বৰ AS 26 B 2564

গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত সন্দেহজনকভাৱে সৰবৰাহ কৰা গৰুসমূহ উদ্ধাৰ কৰাৰ লগতে সৰবৰাহত ব্যৱহৃত বাহনখনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে।

শালকোচা আৰক্ষীৰ সূত্ৰই জনোৱা মতে, চোৰাং সৰবৰাহৰ সৈতে জড়িত কোনো ব্যক্তিক ৰেহাই দিয়া নহ’ব। জড়িতসকলক আইনৰ আওতালৈ আনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে স্পষ্ট কৰি দিছে।

চোৰাং গৰু আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত শালকোচা আৰক্ষীৰ এই তৎপৰতা আৰু সফল অভিযানক স্থানীয় ৰাইজে প্ৰশংসা কৰিছে। লগতে এনে অভিযান আগন্তুক দিনতো অব্যাহত ৰাখিবলৈ আৰক্ষীক আহ্বান জনাইছে অঞ্চলবাসীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top