আৰক্ষীৰ নাম লৈ দালালি! ৰঙামাটি গাঁও পঞ্চায়তৰ সভাপতিক লৈ চাঞ্চল্যকৰ অভিযোগ ।

আৰক্ষীৰ নাম লৈ দালালি ! ৰঙামাটি গাঁও পঞ্চায়তৰ সভাপতিক লৈ চাঞ্চল্যকৰ অভিযোগ ।Crime News

Crime News । চাপৰ অঞ্চলৰ ৰঙামাটি গাঁও পঞ্চায়তৰ সভাপতি জয়নাল আবেদিনৰ বিৰুদ্ধে উঠিছে এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, আৰক্ষীৰ নাম ব্যৱহাৰ কৰি সাধাৰণ লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে।

এই অভিযোগ উত্থাপন কৰিছে একে গাঁৱৰ বাসিন্দা আব্দুল মতলেব আৰু তেওঁৰ পত্নী ৰেজিনা বেগম (উৰুফে ৰূপা)-এ। তেওঁলোকৰ দাবী মতে, পঞ্চায়তৰ সভাপতিজনে আৰক্ষীৰ ভয় দেখুৱাই সহজ-সৰল দৰিদ্ৰ লোকসকলৰ পৰা টকা দাবী কৰিছিল।

জানিব পৰা মতে, কিছুদিন পূৰ্বে চাপৰৰ ৰঙামাটি কঠালগুৰি অঞ্চলত পৰকীয়া প্ৰেমৰ সন্দৰ্ভত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। অভিযোগ অনুসৰি, এই ঘটনাটো পৰিকল্পিতভাৱে সৃষ্টি কৰিছিল পঞ্চায়তৰ সভাপতি জয়নাল আবেদিনে।

আনোৱাৰ নামৰ এজন ব্যক্তিৰ সৈতে থকা ব্যক্তিগত বিবাদৰ পৰিপ্ৰেক্ষিতত, দুই পক্ষৰ মাজত কাজিয়া লগাই পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তোলা হৈছিল বুলি অভিযোগ। তাৰ পাছত, আৰক্ষীৰ নাম লৈ বিষয়টো সমাধান কৰাৰ অজুহাতত প্ৰায় ৬০ হাজাৰ টকা দাবী কৰা হয়। লগতে, ইতিমধ্যে ১০ হাজাৰ টকা সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে।

এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া প্ৰশ্ন উঠিছে—
👉 পঞ্চায়তৰ সভাপতিজনে কাকৰ নিৰ্দেশত আৰক্ষীৰ নাম লৈ ধন সংগ্ৰহ কৰিছিল?
👉 এই ঘটনাত কোনো আৰক্ষী বা বিষয়া জড়িত নেকি?

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top