প্ৰথমে প্ৰেম, তাৰ পিছত প্ৰতাৰণা! ৰঙিয়াৰ উদ্যোগপতিৰ বিৰুদ্ধে গুৱাহাটী যুৱতী চিকিৎসকৰ এজাহাৰ ।

প্ৰথমে প্ৰেম, তাৰ পিছত প্ৰতাৰণা! ৰঙিয়াৰ উদ্যোগপতিৰ বিৰুদ্ধে গুৱাহাটী যুৱতী চিকিৎসকৰ এজাহাৰ ।

ৰঙিয়াত এগৰাকী উদ্যোগপতিৰ বিৰুদ্ধে গম্ভীৰ অভিযোগ উত্থাপন হৈছে। ৰঙিয়াৰ এন চি দাস কোম্পানীৰ উদ্যোগপতি কৌশিক দাসৰ বিৰুদ্ধে গুৱাহাটীৰ এগৰাকী যুৱতী চিকিৎসকে বিয়াৰ প্ৰলোভনেৰে প্ৰতাৰণা কৰাৰ অভিযোগ দাখিল কৰিছে।

অভিযোগ অনুসৰি, গুৱাহাটীৰ এখন আগশাৰীৰ চিকিৎসালয়ত কৰ্মৰত যুৱতী চিকিৎসকগৰাকীক কৌশিক দাসে ছয় বছৰ ধৰি বিয়াৰ প্ৰতিশ্ৰুতি দি আহিছিল। এই সময়ছোৱাত দুয়োৰে সম্পৰ্ক গভীৰ হৈ উঠে আৰু বিভিন্ন সময়ত যুৱতী চিকিৎসকগৰাকী কৌশিক দাসৰ ৰঙিয়াৰ বাসগৃহ তথা দিল্লীৰ ঘৰতও আছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে।

ভুক্তভোগী চিকিৎসকগৰাকীৰ অভিযোগ অনুসৰি, দুয়োটা পৰিয়ালৰ সন্মতিত বিয়াৰ কথা আগবাঢ়িছিল যদিও ৰহস্যজনক কাৰণত কৌশিক দাসে হঠাতে বিয়াৰ বিষয়টোৰ পৰা আঁতৰি যায়। ইয়াৰ ফলত মানসিকভাৱে ভাঙি পৰে যুৱতীগৰাকী।

কেৱল কৌশিক দাসেই নহয়, তেওঁৰ মাতৃৰ বিৰুদ্ধেও ভয়-ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী চিকিৎসকগৰাকীয়ে। অৱশেষত প্ৰতাৰণা আৰু ভাবুকি দিয়াৰ অভিযোগ লৈ ৰঙিয়া আৰক্ষী থানাত আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰে চিকিৎসকগৰাকীয়ে।

এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top