AGP NALBARI । নলবাৰী, বৰক্ষেত্ৰী অথবা টিহু—২৬ বিধানসভা নিৰ্বাচনত নলবাৰী জিলাৰ এই তিনিটা সমষ্টিৰ যিকোনো এটাত অসম গণ পৰিষদৰ হাতীৰ প্ৰতীক লৈ নিৰ্বাচনী যুঁজত নামিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি ঘোষণা কৰিছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক দিলিপ কুমাৰ দাসে।
ধমধমা পশ্চিম মহিনাত অনুষ্ঠিত ভীষ্ম একাদশী উৎসৱত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় অগপ নেতাগৰাকীয়ে। তেওঁ কয়, আগন্তুক বিধানসভা নিৰ্বাচনত নলবাৰী জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত এটা সমষ্টি অসম গণ পৰিষদে লাভ কৰা উচিত। নলবাৰী, বৰক্ষেত্ৰী অথবা টিহু—এই তিনিটাৰ ভিতৰত যিকোনো এটা সমষ্টি দিলে কোনো আপত্তি নাথাকে বুলিও স্পষ্ট কৰি দিয়ে দিলিপ কুমাৰ দাসে।

তেওঁ লগতে কয় যে, সাংগঠনিক দিশৰ পৰা নলবাৰী সমষ্টিত অসম গণ পৰিষদ যথেষ্ট শক্তিশালী অৱস্থাত আছে। দলে যি দায়িত্ব দিয়ে, সেই দায়িত্ব ল’বলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰে দিলিপ কুমাৰ দাসে।
এই বক্তব্যৰ পিছতে নলবাৰী জিলাৰ ৰাজনৈতিক পৰিসৰত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আলোচনা অধিক তীব্ৰ হৈ উঠিছে।
