মৃত্যুৰ ২৬ দিন পূৰ্বে অজয় ফুকনক বিশেষ অনুৰোধ জুবিন গাৰ্গৰ, দাদাৰ কথাক সন্মান জনাই ডাঙৰ সিদ্ধান্ত অজয়ৰ । Ajoy Phukan

মৃত্যুৰ ২৬ দিন পূৰ্বে অজয় ফুকনক বিশেষ অনুৰোধ জুবিন গাৰ্গৰ, দাদাৰ কথাক সন্মান জনাই ডাঙৰ সিদ্ধান্ত অজয়ৰ । Ajoy Phukan


Ajoy Phukan । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ প্ৰায় ২৬ দিন পূৰ্বে সংগীত পৰিচালক অজয় ফুকনক কৰা এটা বিশেষ অনুৰোধ আজি ৰাজহুৱা কৰিলে অজয়ে। জুবিন গাৰ্গৰ সেই ‘কথা’ৰ প্ৰতি গভীৰ সন্মান জনাই সংগীত পৰিচালক তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মী অজয় ফুকনে জীৱনৰ এটা ডাঙৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ঘোষণা কৰে।

মঙলবাৰে সামাজিক মাধ্যমযোগে অজয় ফুকনে জনায় যে সমাগত বিধানসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে। জুবিন গাৰ্গক ৰাজনীতিৰ ঊৰ্ধ্বত বুলি অভিহিত কৰি অজয়ে কয় যে শিল্পীগৰাকীৰ ন্যায়ৰ দাবীক সৰ্বোচ্চ প্ৰাধান্য দি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

অজয় ফুকনে প্ৰকাশ কৰে যে বিগত বৰ্ষৰ ২৪ আগষ্ট তাৰিখে জুবিন গাৰ্গে তেওঁক এইবাৰ নিৰ্বাচন নেখেলিবলৈ স্পষ্টভাৱে কৈছিল। অজয়ে কয়,
“দাদাই মোক কৈছিল— এইবাৰ ৰাজনীতি এৰি দে, পিছত কৰিবি। মইও তেওঁক কথা দিছিলোঁ যে মই ৰাজনীতি নকৰোঁ, কেৱল সংগীত জগততে থাকিম আৰু তেওঁৰ লগত গানৰ কাম কৰিম। দাদাই যিহেতু কৈ গৈছিল, তেন্তে এতিয়া মই কেনেকৈ ৰাজনীতি কৰিম?”

তেওঁ লগতে কয় যে বহু লোকে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁক অনুৰোধ কৰিছে আৰু জয়ৰ সম্ভাৱনাৰ কথাও কৈছে। কিন্তু সকলো সুবিধা থকাৰ পাছতো ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্তত তেওঁ অটল।

অজয়ে স্পষ্ট কৰি কয়,
“মই ৰাজনীতি নকৰোঁ। কোনেও যেন ভুল বুজি নাথাকে। ৰাইজৰ হৈ কাম কৰাৰ ইচ্ছা মোৰ আছে, এদিন নিশ্চয় কৰিম। কিন্তু এতিয়া ভাল সময় নহয়। প্ৰথমে জুবিন দাৰ ন্যায় লাগিব।”

উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ গৈ ২০২৫ চনৰ ২৫ ছেপ্টেম্বৰত অজয় ফুকন গ্ৰেপ্তাৰ হৈছিল। কিছুদিন কাৰাবন্দী হৈ থকাৰ পাছত সেই বৰ্ষৰ ১৬ অক্টোবৰ তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল।

উল্লেখ কৰিবলগীয়া যে বিগত বিধানসভা নিৰ্বাচনত অজয় ফুকনে চাবুৱা বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ লাভ কৰিছিল ৩৪,৮২৪টা ভোট। সেই সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী পোনাকণ বৰুৱাই ৫৩,৫৫৪টা ভোট লাভ কৰি বিজয়ী হৈছিল।

জুবিন গাৰ্গৰ প্ৰতি গভীৰ সন্মান আৰু দায়বদ্ধতাৰ নিদৰ্শন হিচাপে অজয় ফুকনৰ এই সিদ্ধান্তে এতিয়া ৰাজনৈতিক তথা সাংস্কৃতিক মহলত ব্যাপক চৰ্চা সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top