তেজপুৰ বিশ্ববিদ্যালয়ত উত্তাল পৰিস্থিতি মাজতে নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য । Tezpur University

তেজপুৰ বিশ্ববিদ্যালয়ত উত্তাল পৰিস্থিতি মাজতে নতুন ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য । Tezpur University

Tezpur University । তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা উত্তাল প্ৰতিবাদ-বিতৰ্কৰ পৰিৱেশৰ মাজতেই বৃহস্পতিবাৰে নিশাই জৰুরি আলোচনা আহ্বান কৰে শিক্ষক-শিক্ষাৰ্থী সমাজে। সেই আলোচনিত বিশ্ববিদ্যালয় সংবিধান, তেজপুৰ বিশ্ববিদ্যালয় আইন ১৯৯৩ অনুসৰি জ্যেষ্ঠতম অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক সৰ্বসন্মতিক্ৰমে ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। শিক্ষক–শিক্ষাৰ্থী সকলোৱে এই নিযুক্তিক আন্তৰিকভাৱে আদৰণি জনায়।

উল্লেখযোগ্যভাৱে, উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিং দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয় চৌহদত অনুপস্থিত থকাৰ ফলত উপাচাৰ্য কাৰ্যালয়ৰ বহু কাম-কাজ স্তব্ধ হৈ পৰিছিল। পূৰ্বেও দুবাৰকৈ উপ-উপাচাৰ্যৰ দায়িত্ব পালন কৰা অধ্যাপক ধ্ৰুৱ ভট্টাচাৰ্যকেই সেই পৰিস্থিতিত তাৎক্ষণিকভাৱে দায়িত্ব ল’বলৈ বাছনি কৰা হয়।

ইপিনে বৃহস্পতিবাৰে অধ্যাপক জয়া চক্ৰৱৰ্তীক উপ-উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পিছতে পরিস্থিতি চূড়ান্ত উত্তপ্ত হৈ উঠে। অভিযোগ অনুসৰি পলাতক উপাচাৰ্য শম্ভূনাথ সিঙে তেওঁৰ ‘পছন্দ’ অনুসৰি ভাৰ্চুৱেল মিটিং-ক’লৰ জৰিয়তে উপ-উপাচাৰ্য নিযুক্তি দিয়া বুলি ক্ষোভ প্ৰকাশ কৰে শিক্ষক-শিক্ষাৰ্থী সমাজ। এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উপাচাৰ্য সিঙৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰীয়ে।

এই ঘটনা পৰেই জৰুরী বৈঠক আহ্বান কৰি পুনৰ একমত হয় প্ৰতিবাদকাৰী শিক্ষক-শিক্ষাৰ্থী দল—বিতৰ্কিত নিযুক্তিৰ পৰা আঁতৰি সংবিধানসন্মত পদ্ধতিত অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হয়।

অন্যহাতে, বিশ্ববিদ্যালয়খনত দীৰ্ঘদিন ধৰি চলি থকা আন্দোলনৰ কারণে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ পৰীক্ষা পিছ ঢুকাই দিয়া, শ্ৰেণী বৰ্জনৰ দৰে সিদ্ধান্তই শিক্ষাৰ্থীৰ শিক্ষাজীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। এই প্ৰেক্ষাপটতে ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক ধ্ৰুৱ ভট্টাচাৰ্যয়ে নিশাই উল্লেখ কৰে—চলি থকা আন্দোলন সমাধান কৰি শিক্ষার্থীসকলৰ ক্ষতি যেন আরু বৃদ্ধি নপায়, সেই দিশটো বিশেষ গুৰুত্বৰে বিবেচনা কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top