Fake Doctor । এইবাৰ শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা গ্ৰেপ্তাৰ হৈছে এজন ভুৱা চিকিৎসক।গ্ৰেপ্তাৰ হোৱা ভুৱা চিকিৎসকজন হৈছে কাছাৰৰ গনিৰগ্ৰামৰ বাসিন্দা ২৩ বছৰীয়া মিৰ হুছেইন আহমেদ বড়ভূঁইয়া। শিলচৰ মেডিকেল কলেজ হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ অ’পিডিত বহি থকা অৱস্থাত আৰক্ষীয়ে ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে।

যোৱা তিনিদিন ধৰি তেওঁ চিকিৎসা মহাবিদ্যালয়ত ৰোগীক দেখি আছিল। আৰক্ষীয়ে অভিযোগ পাই ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহতোৱে সংবাদ মাধ্যমত এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এই যুৱকজনে কেনেকৈ মেডিকেল কলেজৰ অ’পিডিত ৰোগীক দেখিছে সেয়া এটা ডাঙৰ প্ৰশ্ন। এই ঘটনাত চিকিৎসা মহাবিদ্যালয়ৰ কোনো লোক জড়িত আছে নে নাই সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰোগীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
. কাৰণ ভুৱা ডাক্তৰৰ পৰা চিকিৎসা লৈ ৰোগীয়ে ডাঙৰ বিপদৰ সন্মুখীন হ’ব পাৰে। উল্লেখযোগ্য যে এমাহ পূৰ্বে আৰক্ষীয়ে শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা ভুৱা চিকিৎসক পুলক মালাকাৰক গ্ৰেপ্তাৰ কৰিছিল। এইবাৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দৰে প্ৰতিষ্ঠানত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
