আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয় শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ । Modi

Modi । ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত এক নতুন অধ্যায় যোগ হ’ল। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) লৈ যোৱা প্ৰথম ভাৰতীয় গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কলযোগে বাৰ্তালাপ কৰে। এই কথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে। এই বিশেষ কথা-বতৰাৰ দৃশ্য নৰেন্দ্ৰ মোদীৰ ইউটিউব চেনেলত লাইভ প্ৰচাৰ কৰা হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে শুভাংশু শুক্লাক অভিনন্দন জনাই কয়, “আজি আপুনি আমাৰ মাতৃভূমিৰ পৰা বহু আঁতৰত আছে, কিন্তু সকলো ভাৰতীয়ৰ হৃদয়ত আপুনি আছে। আপোনাৰ নামত শুভ আছে আৰু আপোনাৰ এই যাত্ৰাও এক নতুন যুগৰ আৰম্ভণি। এই মুহূৰ্তত আমি দুয়ো কথা পাতি আছো, কিন্তু ১৪০ কোটি ভাৰতীয়ৰ অনুভৱো মোৰ লগত আছে। মোৰ কণ্ঠত আছে সকলো ভাৰতীয়ৰ উত্‍সাহ আৰু উদ্যম। মহাকাশত ভাৰতৰ পতাকা উৰুৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।”

প্ৰধানমন্ত্ৰীয়ে সুধিলে, মহাকাশ কেন্দ্ৰত তেওঁ কিদৰে আছে। উত্তৰত গ্ৰুপৰ অধিনায়ক শুভাংশু শুক্লাই কয়, “প্ৰধানমন্ত্ৰী মোদী, আপোনাৰ আৰু ১৪০ কোটি ভাৰতীয়ৰ শুভকামনাৰ বাবে ধন্যবাদ। মই ইয়াত ভালে আৰু নিৰাপদে আছো। মোৰ অতি ভাল লাগিছে। এয়া এক নতুন অভিজ্ঞতা। এই যাত্ৰা কেৱল মোৰ নহয়, সমগ্ৰ দেশৰ যাত্ৰা। আপোনাৰ নেতৃত্বত আজিৰ ভাৰতে নিজৰ সপোন পূৰণৰ সুযোগত আগবাঢ়িছে। মই ইয়াত ভাৰতক প্ৰতিনিধিত্ব কৰি অতি গৌৰৱান্বিত হৈছো।”

কথা-বতৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, “পৰিক্ৰমা কৰাটো ভাৰতৰ এক শতিকা পুৰণি পৰম্পৰা। আপুনি পৃথিৱী মাতৃৰ পৰিক্ৰমা কৰাৰ সৌভাগ্য লাভ কৰিছে।”

শুভাংশুৱে মহাকাশৰ অভিজ্ঞতা বৰ্ণনা কৰি কয়, “কিছু সময় আগতে মই যেতিয়া খিৰিকীৰে বাহিৰলৈ চাইছিলো, আমি বতাহৰ গতিত বায়ুত উৰি আছিলো। কক্ষপথৰ পৰা দিনটোত ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিবলৈ পাওঁ। আমাৰ দেশ অতি দ্ৰুতগতিত আগবাঢ়িছে।”

তেওঁ আৰু কয়, “মহাকাশলৈ আহাৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষখন দেখা পালো, তেতিয়া অনুভৱ হ’ল ভাৰত অতি সুন্দৰ আৰু বহুত ডাঙৰ। মানচিত্ৰত যিমান ডাঙৰ দেখা যায়, তাৰো বহুত বেছি ডাঙৰ। পৃথিৱীখনলৈ চালে এনে লাগে যেন ইয়াৰ কোনো সীমা নাই। কোনো দেশৰ সীমানা বা অস্তিত্ব নাই। পৃথিৱীখনক দেখাত এটি একতা। আমি সকলোৱে মানৱতাৰ অংশ আৰু পৃথিৱী আমাৰ একমাত্ৰ ঘৰ।”

প্ৰধানমন্ত্ৰীয়ে তেওঁক সুধিলে, তেওঁ লগত লৈ অহা ভাৰতীয় খাদ্য খাইছে নে নাই। উত্তৰত শুভাংশুৱে কয়, “হয়, মই গাজৰৰ হালোৱা, মগু দালিৰ হালোৱা আৰু আমৰ ৰস লৈ আহিছিলো। মই বিচাৰিছিলো আন দেশৰ পৰা অহা মহাকাশচাৰীয়েও আমাৰ চহকী খাদ্য উপভোগ কৰক। আমি সকলোৱে একেলগে খাইছিলো আৰু সকলোৱে বহুত ভাল পাইছে।”

উল্লেখযোগ্য যে, শুভাংশু শুক্লাই ২০২৫ চনৰ ২৫ জুন নিশা ১২:০১ বজাত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কেনাভেৰেলৰ লঞ্চপেড ৩৯এৰ পৰা স্পেচএক্সৰ ফ্যালকন-৯ ৰকেটত যাত্ৰা আৰম্ভ কৰে। তেওঁ আৰু তেওঁৰ দলৰ অন্য সদস্যক লৈ যোৱা ড্ৰেগন কেপচুল মহাকাশযানখন ২৬ জুন বিয়লি ৪:০১ বজাত ISSৰ সৈতে ডক কৰে। এই মিছন ‘এক্সিয়াম মিছন-৪’ৰ অংশ। ১৪ দিন মহাকাশ কেন্দ্ৰত থাকি তেওঁ বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিব।

শুভাংশু শুক্লা মহাকাশ কেন্দ্ৰত ভৰি দিয়া প্ৰথমজন ভাৰতীয় হিচাপে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত নিজৰ নাম অমৰ কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top