এইবাৰ বটদ্ৰৱাৰ পৰা নিৰুদ্দেশ হৈছে মাদ্ৰাছা ছাত্ৰ।চিন্তিত পৰিয়ালৰ লোক তথা আত্মীয়।এইবাৰ বটদ্ৰৱা হাইডুবিৰ এগৰাকী মাদ্ৰাছা ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পিতৃ -মাতৃ তথা পৰিয়ালৰ লোকক।

জানিব পৰা মতে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবি গাঁৱৰ আমিৰ হামজাৰ পুত্ৰ হাছিব আহমেদ মৰিগাঁও জিলাৰ ভূৰাগাওঁ স্থিত জামিয়া কাছিমীয়া বটালিমাৰী নামৰ এখন মাদ্ৰাছাত বিগত তিনি বছৰে অধ্যায়ন কৰি আছিল।পত্যক বাৰৰ ধৰে এইবাৰো ঈদৰ বন্ধত আহিছিল ঘৰলৈ ঈদৰ বন্ধ শেষহোৱাত বিগত সোমবাৰে উপস্থিত হয় মাদ্ৰাছাত শুকুৰবাৰলৈকে আছিল মাদ্ৰাছাত।

তাৰ পিছতেই শুকুৰবাৰৰ পৰাই ৰহস্যজনক বাবে এই মাদ্ৰাছাখনৰ পৰা নিৰুদ্দেশ হয় চাৰিজনকৈ ছাত্ৰ তিনিজনক পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ অভিভাৱক সকলে উদ্ধাৰ কৰে যদিও এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে হাইডুবি গাঁৱৰ হাচিব আহমেদ নামৰ ছাত্ৰজন।পৰিয়ালৰ আন এক গুৰুত্বৰ অভিযোগ নিৰুদ্দেশ হৈ ছাত্ৰ জনৰ অভিভাৱকক এতিয়ালৈকে অৱগত কৰোৱা নাই মাদ্ৰাছা কৰ্তৃপক্ষই।পৰিয়ালৰ আহ্বান যদি কোনো সদাহয় লোকে ছাত্ৰ জনৰ সন্ধান পায় পৰিয়ালৰ লোকৰ ৬০০২৪১০৮৬৯আৰু৯১০১৫১৮৫৯৩ নম্বৰত যোগাযোগ কৰিবলৈ জনাইছে পৰিয়ালে।
