কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। দেওবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ICDSৰ ছুপাৰ ভাইজ’ৰৰ পদ ৫০ শতাংশ সংৰক্ষণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
একেদৰে, ‘শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক আঁচনিত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে। বহিঃৰাজ্যত মৃত্যু হোৱা যুৱক-যুৱতীৰ মৃতদেহ অসমলৈ অনা হ’ব এই আঁচনিৰ আধীনত। ৰাজ্য চৰকাৰৰ খৰচত অনা হ’ব মৃতদেহ। ইয়াৰ বাবে চৰকাৰে মুকলি কৰে হেল্পলাইন নম্বৰ। ১১২ নম্বৰত ডায়েল কৰিলে পাব সুবিধা।
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘গোৱালপাৰাৰ উৰপদ বিলক বনাঞ্চল কৰা হ’ব। সংৰক্ষিত বনাঞ্চলৰ বাবে ৯০০০ বিঘা ভূমিত উচ্ছেদ কৰা হৈছে। বিলক লৈ এমাহৰ বাবে ৰাইজে ওজৰ-আপত্তি দিব পাৰিব।’’
মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰে ডাঙৰ ঘোষণা। আজিৰ কেবিনেটে মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা ২০০০ টকালৈ বৃদ্ধিত অনুমোদন জনায়।
ৰাভা হাছং উন্নয়ন পৰিষদ গঠনত অনুমোদন জনায় কেবিনেটে।
গোৱালপাৰাৰ হাচিলা বিলকো সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰৰ প্ৰস্তাৱ ৰাজ্যিক কেবিনেটৰ। ৩০০০ কোটি টকাৰে অল্টাৰনেটিভ ইনভেষ্টমেণ্ট গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আজিৰ কেবিনেটে ষ্টেট মিনাৰেল এক্সপ্লোৰেচন ট্ৰাষ্ট গঠনৰ অনুমোদন জনায়।
ৰাজ্যত খনিজ পদাৰ্থৰ অন্বেষণ কৰিব এই ন্যাসে। পশ্চিত কাৰ্বি আংলং জিলাত নিৰ্মাণ কৰা হ’ব পাম্প ষ্টোৰেজ প্ৰকল্প। চন্দ্ৰপুৰত নৱোদয় বিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে দিব মাটি আবণ্টন। কেন্দ্ৰক ৪০ বিঘা মাটি আবণ্টন কেবিনেটৰ।
ইপিনে, এতিয়াৰে পৰা ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ৰ সুবিধা লাভ কৰিব ৩টা নিগমে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্ৰ শিক্ষা অভিযান, আৰু শক্তি বিভাগৰ কৰ্মচাৰীয়ে লাভ কৰিব ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ৰ সুবিধা।
সংবাদমেলতে APSCৰ ৰায়ক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘‘ন্যায়ালয়ৰ ৰায় হাতত পৰিলেই আমি পদক্ষেপ ল’ব পাৰিম। বাতৰি কাকতত ওলোৱাৰ দৰে সত্য হ’লে এই ৰায় বেদনাদায়ক। এটা শব্দতেই দোষী বুলি ক’ব পৰা বিষয়াক চাকৰি দিবলৈ কোৱা ৰায় বেদনাদায়ক। যদি ন্যায়ালয়ে তেনে ৰায় দিছে আমি উচ্চতম ন্যায়ালয়লৈ যাম। আমি শেষপৰ্যন্ত সেই ৰায়ৰ বিৰুদ্ধে যুঁজিম। কিন্তু উচ্চতম ন্যায়ালয়ে একে ৰায় দিলে আমি একো কৰিব নোৱাৰিম। কিন্তু এই ৰায়ে চৰকাৰৰ স্বচ্ছ, নিকা নিযুক্তি অভিযানক ক’ৰবাত বাধাগ্ৰস্ত কৰিব।’’
