গুৱাহাটী, ২৪ জুন ২০২৫ঃ Ambubachi Mela 2025
শক্তিপীঠ মা কামাখ্যা দেৱীৰ পবিত্ৰ মন্দিৰত ২২ জুনৰ পৰা আৰম্ভ হৈছে বাৎসৰিক অম্বুবাচী মহাযোগ। ২৬ জুনলৈকে চলিবলগীয়া এই পবিত্ৰ আয়োজনেৰে নীলাচল পৰ্বত বোৰ হৈ পৰিছে ভক্তি আৰু ধৰ্মীয় উচ্ছ্বাসৰে উলহ-মালহ।

সকলো দিশৰ পৰা অহা দেশী-বিদেশী ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰিছে কামাখ্যা ধাম। সাধু-সন্ন্যাসী, তান্ত্ৰিক, গৃহস্থ, কিন্নৰ সমাজ—সকলোৰে উপচি পৰিছে মন্দিৰ চৌহদ।
আজিৰে পৰা কামাখ্যা মন্দিৰত দেখা গৈছে অজস্ৰ ভক্তৰ সমাগম। ভক্তসকলৰ সাৰথি হ’বলৈ বিশেষ নিরাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। দেৱালয় চৌহদ আৰু আশে-পাশে আৰক্ষী, চি আৰ পি এফ, এন ডি আৰ এফ বাহিনীৰ জোৰদাৰ ব্যৱস্থা কৰা হৈছে।

মন্দিৰত পূজা-অৰ্চনাৰ অন্তত সাধু-সন্ন্যাসীসকলে পৰিক্ৰমা কৰিছে কামাখ্যা ধামৰ। তান্ত্ৰিক আচাৰ-অনুষ্ঠানৰ লগতে সাধাৰণ ভক্তসকলেও বিশেষ মানত অৱতীর্ণ হৈ দেৱীৰ চৰণত প্ৰণিপাত কৰিছে।
উল্লেখযোগ্য যে, দেৱী পুৰাণ অনুসৰি কামাখ্যা মন্দিৰ হৈছে ৫১ খন শক্তিপীঠৰ অন্যতম। বিশ্বাস কৰা হয় যে ইয়াত দেৱী সতীৰ ‘যোনি’ পতিত হৈছিল। সেয়েহে এই স্থান বিশেষভাৱে পবিত্ৰ বুলি গণ্য কৰা হয়, বিশেষকৈ তান্ত্ৰিক আচাৰ অনুসাৰীৰ বাবে।

প্ৰতি বছৰে এই সময়চোৱাত সমগ্ৰ দেশৰ পৰা লাখ লাখ ভক্ত, সাধু-সন্ন্যাসী আৰু তান্ত্ৰিক কামাখ্যা ধামলৈ আহে। কামাখ্যাৰ এই ধৰ্মীয় মহাযোগ ভাৰতীয় আস্থা, সংস্কৃতি আৰু সাধনাৰ এক অনন্য প্ৰত্যায়।
