কামৰূপত দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকতৰ শাখা কার্যালয় উদ্বোধন | Duorniti Dorpan

Dorniti Dorpan |কামৰূপত দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকতৰ শাখা কার্যালয় উদ্বোধন সংবাদ জগতত আৰু এখোজ আগুৱাই আহিল দুৰ্নীতিৰ দৰ্পণ দৈনিক বাতৰি কাকত। যোৱা ১২ বছৰ ধৰি নিস্বাৰ্থ বাবে ৰাইজৰ বিভিন্ন সমস্যা উত্থাপন কৰি আহিছে । ৰাইজৰ মৰম, ভাল পোৱাই আৰু এখোজ আগুৱাই আনিলে কাকত খনক। আজি ইংৰাজী ২২ জুন ২০২৫ তাৰিখে কামৰূপ জিলাৰ বকোত কাকত খনৰ শাখা কাৰ্যালয় শুভ উদ্বোধন কৰা হয়। দুৰ্নীতিৰ দৰ্পণ কাকতৰ শাখা কার্যালয়টো ফিটা কাটি শুভ উদ্বোধন কৰি শ্বহীদ পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জনায় ৰাভা: হা:স্বা:শা:প: কাৰ্যবাহী সদস্য সুমিত ৰাভা দেৱয়ে, লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সোণতলি টুপামাৰী প্ৰেছ ক্লাবৰ সভাপতি আবুল হাসেম দেৱ , দুৰ্নীতিৰ দৰ্পণ কাকতৰ সম্পাদক ছায়েদ আলী খান, কাৰ্যবাহী সম্পাদক আবু ছোফিয়ান বেগ, বিশিষ্ট সমাজসেৱক অপূৰ্ব দেৱ শৰ্মা,জোন গোস্বামী, আৰু অনন্য বিশিষ্ট আমন্ত্ৰিত অতিথি সকল, কাকতৰ সাংবাদিক সকল, দুৰ্নীতিৰ দৰ্পণ কাকতৰ এই শুভ মুহূর্তত উপস্থিত হৈ আশীর্বাদ আৰু সাহস দিয়া সকলোৰে প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই দুৰ্নীতিৰ দৰ্পণ পৰিয়ালৰ হৈ কাৰ্যবাহী সম্পাদক আবু ছোফিয়ান বেগ দেৱয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top