Ambubachi mela 2025 । অম্বুবাচী মেলা ২০২৫ সমাগত। পুনৰ এবাৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মা কামাখ্যা ধাম। মহানগৰ প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে একেলগে এইবাৰো অম্বুবাচী মেলা সুচাৰুৰূপে আয়োজন কৰিবলৈ সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে।
🔴 মেলাৰ সময়সূচী:
- প্ৰবৃত্তি: ২২ জুন, দুপৰীয়া ২.৫৬ মিনিট
- নিবৃত্তি: ২৬ জুন, পুৱতি নিশা ৩.০০ বজা
এইবাৰ অম্বুবাচীৰ সময়চোৱাত ভক্তৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
🛑 বিশেষ নিৰ্দেশনা
- ২৬ আৰু ২৭ জুনত VIP/VVIP দৰ্শন বাতিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈয়ো আহ্বান জনোৱা হৈছে যে, এই দুদিন কামাখ্যলৈ নাআহিবলৈ। - সাধাৰণ ভক্তৰ বাবে দৰ্শন:
- পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ
- ৩-৪ ঘণ্টাৰ ভিতৰত দৰ্শন সম্পন্ন কৰি পাহাৰৰ পৰা নামিব লাগিব
- অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান, বাদ্যযন্ত্ৰ নিষিদ্ধ
⚠️ ভূমিস্খলন আৰু নিৰাপত্তা ব্যৱস্থা
- ভূমিস্খলনৰ আশংকা থকা অঞ্চল চিনাক্ত কৰা হৈছে
- SDRF আৰু NDRF বাহিনী মোতায়েন হ’ব
- পাণ্ডুৰ পথ সাময়িকভাৱে বন্ধ থাকিব
- অধিক CCTV কেমেৰা, যথেষ্ট পুলিশ বাহিনী, সজোৱা দৰ্শনপথ
🙏 ভক্তসকললৈ অনুৰোধ
- প্রশাসনৰ নিৰ্দেশনা মানি চলিব
- দৰ্শনৰ সময়ত শৃঙ্খলা পালন কৰিব
- অপ্ৰয়োজনীয় ভিৰ বা হাহাকাৰ সৃষ্টিৰ পৰা বিৰত থাকিব
প্ৰশাসনে কয়, শান্তিপূৰ্ণভাৱে আৰু সজাগভাৱে অম্বুবাচী পালন হোৱাটোহে প্ৰধান লক্ষ্য।
২০২৪ চনত প্ৰায় ২৭ লাখ ভক্ত আহিছিল কামাখ্য ধামলৈ, আৰু এইবাৰো তেনে পৰিসৰৰ ভক্তসমাগমৰ সম্ভাৱনা আছে।
এইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক সতৰ্কতা গ্ৰহণ কৰা হৈছে।
মা কামাখ্যাৰ কৃপালু আশীৰ্বাদৰ ছাঁত, ভক্তসকলে যেন শান্তিপূৰ্ণভাৱে অম্বুবাচী উৎসৱত অংশ ল’ব পাৰে, এইটো নিশ্চিত কৰিবলৈ প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
