চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল । Artist Marshall Baruah 

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল । Artist Marshall Baruah 

Artist Marshall Baruah  । চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এটা ব্যক্তিগত প’ৰ্টেলত প্ৰদান কৰা এক সাক্ষাৎকাৰত মাৰ্শ্বেল বৰুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক ‘বামপন্থী’ বুলি অভিহিত কৰিছিল। এই মন্তব্যই ৰাজ্যজুৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে অভিযোগ উত্থাপন কৰি কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন মহান আধ্যাত্মিক আৰু সামাজিক সংস্কাৰকৰ বিষয়ে এনে মন্তব্যই ভক্ত আৰু অসমীয়াৰ আৱেগত আঘাত হানিছে। সেয়েহে মাৰ্শ্বেল বৰুৱাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে।

সংগঠনটোৱে লগতে প্ৰশাসনক বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি অতিশীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, মাৰ্শ্বেল বৰুৱাৰ এই মন্তব্যক লৈ সামাজিক মাধ্যমতো ব্যাপক আলোচনা-সমালোচনাৰ সৃষ্টি হৈছে। অৱশ্যে এই ঘটনাক লৈ মাৰ্শ্বেল বৰুৱাৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top