North Guwahati । উত্তৰ গুৱাহাটীৰ আউনীআটী আটী সত্ৰত শণিবাৰে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদযাপন কৰা হয় বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে ১০০ গৰাকী মহিলাই একেলগে কলাগুৰুৰ জনপ্ৰিয় গীত “পৰ জনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা” পৰিবেশন কৰি এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টি কৰা ১৩১টা গীতৰ ভিতৰত এই গীতটো অন্যতম জনপ্ৰিয় প্ৰেমৰ গীত হিচাপে পৰিচিত। বিষ্ণু ৰাভা দিৱসৰ পবিত্ৰ দিনটোত আউনীআটী আটী সত্ৰৰ বাকৰিত একেলগে ১০০ গৰাকী মহিলাৰ কণ্ঠত গীতটোৰ পৰিবেশনে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।

গুৱাহাটীৰ ‘আই অনিয়ন ব্ৰীজ ০১’ নামৰ সংগঠনটোৱে আয়োজন কৰা এই বিশেষ কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱে। অনুষ্ঠানত কলাগুৰুৰ জীৱন, আদৰ্শ আৰু সাংস্কৃতিক অৱদানৰ ওপৰতো আলোকপাত কৰা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক গৌতম শৰ্মা। তেওঁ নিজৰ ভাষণত ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠন, বিশ্ববিদ্যালয় আৰু সত্ৰ-প্ৰতিষ্ঠানসমূহক অসমীয়া ভাষাৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

বিষ্ণু ৰাভাৰ আদৰ্শ, সাহিত্য-সংস্কৃতি আৰু সংগীতৰ প্ৰতি নতুন প্ৰজন্মক আকৃষ্ট কৰাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানটোৱে আউনীআটী সত্ৰৰ পবিত্ৰ পৰিৱেশত এক বিশেষ মাত্ৰা যোগ কৰে। উপস্থিত দৰ্শকসকলেও অনুষ্ঠানটোৰ ভূয়সী প্ৰশংসা কৰে।
