Cattle । চিৰাঙত চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, কুখ্যাত গো-মাফিয়াসহ তিনিজন গ্ৰেপ্তাৰ

চিৰাং জিলাত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ থকা চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই কুখ্যাত গো-মাফিয়াসহ মুঠ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। লগতে গৰু ভৰ্তি এখন বলেৰ’ পিকআপ ভেন আৰু এখন স্কৰ্পিঅ’ বাহন জব্দ কৰা হয়।
পুলিশ সূত্ৰে জানিব পৰা মতে, যোৱা নিশা গোপন তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীৰ এটা দলে কাজলগাঁৱৰ চাপাগুৰীৰ বেংতলগেট সংলগ্ন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলায়। অভিযানকালত এএছ–১৯–এচি–৮৮০১ পঞ্জীয়নৰ এখন বলেৰ’ পিকআপ ভেনত সৰবৰাহ কৰি অনা ১২টা গৰু জব্দ কৰা হয়। ঘটনাস্থলীৰ পৰা এজন লোকক আটক কৰা হয়।

আটকাধীন ব্যক্তিজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান অধিক তীব্ৰ কৰি চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ কথিত মূল চক্ৰান্তকাৰী তথা গো-মাফিয়া আব্দুল হাই নাগৰীক বঙাইগাঁৱৰ পৰা আটক কৰে। তেওঁৰ সৈতে এএছ–০১–ইপি–৫১৮১ পঞ্জীয়নৰ এখন স্কৰ্পিঅ’ বাহনো জব্দ কৰা হয়।

উল্লেখ্য যে, আব্দুল হাই নাগৰী যোৱা বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, চিৰাং জিলাত নিশাৰ ভাগত দীৰ্ঘদিন ধৰি চোৰাং গৰু সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছিল। এই অভিযানত বিজনীৰ দংশীয়াপাৰাৰ আব্দুল হাই নাগৰী, বিজনীৰ ভাউৰাগুৰীৰ জুলফিকাৰ জাকাৰীয়া আৰু আমগুৰী থানাৰ কলিয়াগাঁৱৰ সাইজুদ্দিন আলীক গ্ৰেপ্তাৰ কৰা হয়।

ইফালে, আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহন লাল মিনা আৰু অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত মাহাতো স্বয়ং কাজলগাঁও থানাত উপস্থিত হৈ অভিযুক্তসকলক সোধ-পোছ কৰে আৰু তদন্তৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

তথাপিও, তদন্তৰ স্বাৰ্থত আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত এই ঘটনাক লৈ কোনো মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
