Nagaon । ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চৰকাৰী চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে। সংগঠনটোৱে দুগৰাকী চৰকাৰী কৰ্মচাৰীৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

অভিযোগ অনুসৰি, নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক মালৱিকা বৰা আৰু জলসিঞ্চন বিভাগৰ তেজপুৰ সংমণ্ডলৰ কণিষ্ঠ অভিযন্তা চন্দন বৰকাকতিৰ বিৰুদ্ধে ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। উল্লেখ্য যে, দুয়োগৰাকী কৰ্মচাৰীৰ ঘৰ নগাঁও জিলাত।
এই সন্দৰ্ভত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, অসমে নগাঁও জিলা আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে। সংগঠনটোৰ দাবী অনুসৰি, অভিযুক্ত দুগৰাকীৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰাৰ লগতে কথিত জালিয়াতিৰ ঘটনাৰ সঠিক তদন্ত কৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

সংগঠনটোৱে লগতে অভিযোগ কৰে যে, যদি ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি কোনোবাই চৰকাৰী চাকৰি লাভ কৰে, তেন্তে ই প্ৰকৃত যোগ্য আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ অধিকাৰ ক্ষুণ্ণ কৰে। সেয়েহে ঘটনাটোৰ নিৰপেক্ষ তদন্ত কৰি দোষী সাব্যস্ত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।
ইফালে, এই অভিযোগৰ সন্দৰ্ভত জিলা প্ৰশাসন বা সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হোৱা নাই। অভিযোগসমূহৰ সত্যতা চৰকাৰী তদন্তৰ জৰিয়তে নিশ্চিত হ’ব।
