জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য, আদালতক লক্ষ্য কৰি লোৱাৰ অভিযোগ
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চলি থকা আন্দোলনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আদালতৰ বিচাৰ প্ৰক্ৰিয়াক প্ৰভাৱিত কৰিব পৰা কাৰ্যকলাপৰ পৰা বিৰত থকাৰ ইংগিত দি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে একাংশ লোকে আদালতক লক্ষ্য কৰি লৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “যিচাম মানুহে ভাবে যে আদালতৰ মনটো বেয়া হৈ যাওক আৰু আদালতৰ প্ৰক্ৰিয়াটো ব্যাহত হৈ যাওক, তেওঁলোকে আদালতখনক টাৰ্গেট কৰি লৈছে। ইয়াৰ পৰা আমাৰ লাভ কি হ’ব? এইটোৱে লাভ হ’ব যে বিচাৰপতিজনৰ মনত খং উঠিব আৰু তেওঁ খুব অসন্তুষ্ট মনেৰে বিচাৰটো শুনিব। এচাম লোকে প্ৰথম দিনৰ পৰাই এই কামটোত ব্যস্ত হৈ আছে।”
উল্লেখ্য যে দেওবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত জুবিনক্ষেত্ৰত এখন বিশেষ আলোচনা সভা অনুষ্ঠিত হয়। অখিল গগৈৰ নেতৃত্বত ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’ৰ উদ্যোগত অনুষ্ঠিত সভাখনত সাংবাদিক অনুপম চক্ৰৱৰ্তী, বিশিষ্ট অধিবক্তা নেকিবুৰ জামানকে ধৰি বহু জুবিন অনুৰাগীয়ে অংশগ্ৰহণ কৰে। সভাত আগন্তুক দিনত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন অধিক শক্তিশালী কৰি তোলাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।
সভাখনত সৰ্বসন্মতিক্ৰমে চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। সেই অনুসৰি, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গঠন হ’বলগীয়া সমিতিখন কোনো ৰাজনৈতিক মতাদৰ্শৰ দ্বাৰা পৰিচালিত নহ’ব। বিভিন্ন ৰাজনৈতিক দল, সংগঠন আৰু জুবিন অনুৰাগীক একেখন মঞ্চলৈ আনি ন্যায়ৰ দাবী শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

আলোচনা সভাত গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ অনুসৰি, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হ’বলগীয়া আন্দোলনৰ নেতৃত্ব গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বতে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ বিষয়েও আলোচনা কৰা হয়।
ইয়াৰ উপৰি, গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ আৰু বিভিন্ন দল-সংগঠন তথা ঐক্য মঞ্চৰ মাজত সমন্বয় ৰক্ষা কৰাৰ বাবে ৰাহুল গৌতম শৰ্মাক মধ্যস্থতাকাৰীৰ ভূমিকা প্ৰদান কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰা হয়।
ইফালে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীৰ লাষ্টগে’টতো একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় নিশ্চিত কৰাৰ দাবীত বিভিন্ন মহলত প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচী অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।
