জুবিন গাৰ্গৰ ৰেঞ্জ ৰ'ভাৰ গাড়ী বিক্ৰীক লৈ সামাজিক মাধ্যমত সৃষ্টি হোৱা চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে জুবিন গাৰ্গৰ ভগ্নী পামী

জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ গাড়ী বিক্ৰীক লৈ সামাজিক মাধ্যমত সৃষ্টি হোৱা চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে জুবিন গাৰ্গৰ ভগ্নী পামী

জুবিন গাৰ্গৰ ৰেঞ্জ ৰ’ভাৰ গাড়ী বিক্ৰীক লৈ সামাজিক মাধ্যমত সৃষ্টি হোৱা চৰ্চাৰ মাজতে এইবাৰ মুখ খুলিলে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে।গৰিমা শইকীয়া গাৰ্গক সামাজিক মাধ্যমত আক্ৰমণ কৰা ঘটনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে পামীয়ে।পামী বৰঠাকুৰে কয়, “কি পৰিস্থিতিত গাড়ীখন বিক্ৰী কৰিব লগা হ’ল, সেই বিষয়ে আমাক ভালকৈ সুধিব পাৰিলেহেঁতেন।

“এইকেইদিন সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গক যি ধৰণে আক্ৰমণ কৰা হৈছে, সেই কথাই তেওঁক যথেষ্ট বেয়া পাইছে বুলি জনায় পামীয়ে। গাড়ীখন কি পৰিস্থিতিত বিক্ৰী কৰিবলগীয়া হ’ল, সেই বিষয়ে প্ৰথমে গৰিমাক সুধিব পাৰিলেহেঁতেন বুলিও মন্তব্য কৰে তেওঁ।পামী বৰঠাকুৰৰ মতে, গৰিমা বৌয়ে সকলো প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহেঁতেন। কিন্তু সেই সুযোগ নিদিয়াকৈ সামাজিক মাধ্যমত এইদৰে প্ৰচাৰ চলোৱাটো উচিত হোৱা নাই।”দাদা নোহোৱা হোৱা এটা বছৰ পাৰ হ’ল, বৌয়ে সকলোখিনি মেনেজ কৰি আছে। সকলো পক্ষলৈ মোৰ সকিয়নী, সীমা চেৰাই নাযাব”, বুলি ক্ষোভ প্ৰকাশ কৰে জুবিন গাৰ্গৰ ভগ্নীয়ে।ইয়াৰ লগতে সামাজিক মাধ্যমত বিষয়টো প্ৰথমে প্ৰচাৰ কৰা বুলি উল্লেখ কৰা দুলু আহমেদ আৰু শিখা শৰ্মাকো প্ৰত্যুত্তৰ দিয়ে পামী বৰঠাকুৰে। জুবিন গাৰ্গ জীয়াই থকা সময়ত তেওঁলোকে কি কৰিছিল, সেয়া সকলোৱে জানে বুলিও মন্তব্য কৰে পামীয়ে।সামাজিক মাধ্যমত এনে ধৰণৰ প্ৰচাৰ নকৰিবলৈ সকলোকে আহ্বান জনাই পামীয়ে কয়, বিষয়টো লৈ ব্যক্তিগত আক্ৰমণ বা সীমা অতিক্ৰম কৰা উচিত নহয়।উল্লেখ্য যে, জুবিন গাৰ্গৰ ব্যৱহৃত ৰেঞ্জ ৰ’ভাৰ গাড়ীখন বিক্ৰীক লৈ সামাজিক মাধ্যমত শেহতীয়াকৈ ব্যাপক চৰ্চা চলিছে। গাড়ীখন বিক্ৰীৰ আঁৰৰ পৰিস্থিতি আৰু কাৰণক লৈ বিভিন্ন মত প্ৰকাশ পোৱাৰ সময়তে পামী বৰঠাকুৰৰ এই মন্তব্যই বিষয়টোত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top