জুবিনৰ সপোনৰ ৰেঞ্জ ৰোভাৰ বিক্ৰীক লৈ নতুন বিতৰ্ক! পামী বৰঠাকুৰৰ সমালোচনাৰ পিছতে দুলু আহমেদৰ প্ৰত্যুত্তৰ
জুবিন গাৰ্গৰ ৰেঞ্জ ৰোভাৰ বাহন বিক্ৰীক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে বিতৰ্ক। বাহনখন বিক্ৰী কৰা সন্দৰ্ভত দুলু আহমেদক সমালোচনা কৰিছিল পামী বৰঠাকুৰে। পামী বৰঠাকুৰৰ এই সমালোচনাৰ পিছতে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুলু আহমেদে।
নিজৰ পিতৃৰ মৃত্যুৰ তিনিদিনৰ পিছতো ৰাজহুৱা কামৰ সৈতে জড়িত ব্যক্তি হিচাপে কিছুমান বিষয়ত মৌন হৈ থাকিব নোৱাৰে বুলি উল্লেখ কৰি দুলু আহমেদে কয় যে প্ৰতিটো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া হিচাপেই তেওঁ নিজৰ বক্তব্য প্ৰকাশ কৰিছে।
দুলু আহমেদৰ অভিযোগ, পামী বৰঠাকুৰে তেওঁক জুবিনৰ পৰিয়ালক হাৰাশাস্তি কৰা আৰু পৰিয়ালটোৰ অশান্তিৰ কাৰণ হোৱা বুলি সমালোচনা কৰিছে। অৱশ্যে এই অভিযোগ সাময়িকভাৱে মানি লোৱাৰ কথা উল্লেখ কৰিও তেওঁ ৰেঞ্জ ৰোভাৰ বাহনখন বিক্ৰী কৰা প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে।

তেওঁৰ দাবী, জুবিন গাৰ্গৰ সপোনৰ ৰেঞ্জ ৰোভাৰ বাহনখন অতি কৌশলপূৰ্ণভাৱে বিক্ৰী কৰা হ’ল। আনকি বাহনখনৰ আসনত এগৰাকী বিতৰ্কিত মাটিৰ দালালক বহুওৱা হ’ল বুলিও অভিযোগ কৰে দুলু আহমেদে।
লগতে জুবিনৰ বাহনখন কিনিবলৈ কোনজন দালানে ক্ৰেতা লৈ আহিছিল, সেই কথা ৰাজহুৱা কৰিবলৈও দাবী জনায় তেওঁ।
ইয়াৰ উপৰি জুবিন গাৰ্গৰ মুম্বাইৰ ঘৰটো সংৰক্ষণৰ বিষয়টোও উত্থাপন কৰে দুলু আহমেদে। ঘৰটো সংৰক্ষণৰ বাবে পামী বৰঠাকুৰক ৰাইজ অথবা চৰকাৰক অৱগত কৰিবলৈ আহ্বান জনায় তেওঁ।
দুলু আহমেদৰ এই প্ৰতিক্ৰিয়াৰ পিছতে জুবিন গাৰ্গৰ ৰেঞ্জ ৰোভাৰ বাহন বিক্ৰী আৰু মুম্বাইৰ ঘৰ সংৰক্ষণৰ বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে। অৱশ্যে বাহন বিক্ৰী সম্পৰ্কীয় অভিযোগসমূহৰ সত্যতা স্বাধীনভাৱে নিশ্চিত হোৱা নাই।
