জুবিনৰ ন্যায়ৰ দাবীত গৰিমা গাৰ্গক সোণাপুৰৰ সভালৈ আমন্ত্ৰণ অখিল গগৈৰ
‘গৰিমা বৌ, আপুনি আহিবই কিন্তু’ — ফেচবুক পোষ্টযোগে আহ্বান বিধায়কগৰাকীৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এইবাৰ গৰিমা শইকীয়া গাৰ্গক সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া আলোচনা সভালৈ আমন্ত্ৰণ জনালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। দেওবাৰ, ২৫ অক্টোবৰৰ দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ’বলগীয়া এই আলোচনা সভালৈ সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাই সামাজিক মাধ্যমত এটা পোষ্ট কৰে বিধায়কগৰাকীয়ে।
ফেচবুক পোষ্টটোত জুবিন গাৰ্গৰ সৈতে থকা নিজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি অখিল গগৈয়ে লিখিছে, “জুবিনদা আৰু মই। কমকৈ পাইছোঁ, কিন্তু আন্তৰিকতাৰে পাইছোঁ। আদৰ্শ আমাৰ একে—সমাজবাদ।”

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত স্বাৰ্থহীনভাৱে ওলাই অহা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে এই প্ৰচেষ্টাৰ আঁৰত কোনো ৰাজনীতি নাই। সকলোকে একত্ৰিত কৰাৰ উদ্দেশ্যৰেই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলিও পোষ্টটোত উল্লেখ কৰে।
তেওঁ লগতে লিখিছে যে কোনেও একো নোকোৱা বাবে তেওঁ ওলাই আহিছিল আৰু এতিয়া এই যুঁজ আৰম্ভ কৰাৰ পাছত চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰালৈকে তেওঁ ক্ষান্ত নহয়।
ইফালে, দেওবাৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া আলোচনা সভালৈ সকলোকে আমন্ত্ৰণ জনোৱাৰ লগতে গৰিমা শইকীয়া গাৰ্গক বিশেষভাৱে উপস্থিত থাকিবলৈ আহ্বান জনায় অখিল গগৈয়ে।
পোষ্টটোৰ শেষত গৰিমা শইকীয়া গাৰ্গক উদ্দেশ্যি বিধায়কগৰাকীয়ে লিখিছে, “গৰিমা বৌ, আপুনি আহিবই কিন্তু।”
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্ন পক্ষই নিজা নিজা কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সময়তে অখিল গগৈৰ এই আমন্ত্ৰণক লৈ বিশেষ চৰ্চাৰ সৃষ্টি হৈছে।
