প্ৰজ্ঞা-দিৱসৰ লগত সংগতি ৰাখি চচলত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন
জ্ঞানপীঠ বঁটা বিজয়িনী বিশিষ্ট সাহিত্যিক ড° মামণি ৰয়ছম গোস্বামীৰ জন্মদিন উপলক্ষে উদ্যাপিত প্ৰজ্ঞা-দিৱসৰ লগত সংগতি ৰাখি চচল শাখা লেখিকা সমাৰোহ সমিতিয়ে এখনি কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
অহা ১ নৱেম্বৰ, দেওবাৰে পুৱা ১০ বজাৰ পৰা চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ ৰবীন্দ্ৰনাথ দাস সভাগৃহত কামৰূপ মহানগৰ জিলা ভিত্তিত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।
প্ৰতিযোগিতাত ড° মামণি ৰয়ছম গোস্বামীৰ ৰচিত ‘ধুনীয়া দেখাৰ বয়স নাই’ শীৰ্ষক কবিতাটি আবৃত্তি কৰিব লাগিব। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুকসকলে ৯১৮৬৩৮৯৪৮৭৭৫ আৰু ৯১৯৮৬৪২৭৭৩৯৯ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জনাইছে।
