গুৱাহাটীৰ এপাৰ্টমেণ্টত ডলী বৈশ্যৰ ৰহস্যজনক মৃত্যু, উদ্ধাৰ অন্তিম টোকা
প্ৰেমৰ সম্পৰ্ক আৰু প্ৰতাৰণাৰ কথা উল্লেখ থকাৰ দাবী, গ্ৰেপ্তাৰ বিশ্বনাথ দাস
গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ নেহা এপাৰ্টমেণ্টৰ এটা ভাড়াঘৰৰ পৰা ডলী বৈশ্য নামৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱতীগৰাকীৰ ঘৰ কামৰূপ জিলাৰ শুৱালকুছিত বুলি জানিব পৰা গৈছে। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে বিশ্বনাথ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত বিশ্বনাথ ICICI বীমা কোম্পানীৰ উত্তৰ-পূৰ্বাঞ্চলৰ মেনেজাৰ বুলি জানিব পৰা গৈছে।

যুৱতীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে, মৃতদেহৰ কাষত উদ্ধাৰ হোৱা বুলি কোৱা এটা অন্তিম টোকাক লৈও চৰ্চা আৰম্ভ হৈছে। টোকাটোত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আৰু প্ৰেমত প্ৰতাৰিত হোৱাৰ কথা উল্লেখ থকা বুলি দাবী কৰা হৈছে। অৱশ্যে, ঘটনাটোৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
পৰিয়ালৰ ভাষ্য অনুসৰি, শনিবাৰে নিশা শেষবাৰৰ বাবে ডলীয়ে তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ সৈতে ফোনযোগে কথা পাতিছিল। দেওবাৰে গুৱাহাটীৰ পৰা শুৱালকুছিস্থিত নিজৰ ঘৰলৈ উভতি যোৱাৰ কথা আছিল যুৱতীগৰাকীৰ। কিন্তু নিৰ্ধাৰিত দিনটোত তেওঁ ঘৰলৈ নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।

দেওবাৰে বাৰে বাৰে ফোন কৰিও ডলীৰ সৈতে যোগাযোগ স্থাপন কৰিব নোৱাৰাত পৰিয়ালৰ উদ্বেগ বৃদ্ধি পায়। সোমবাৰেও যুৱতীগৰাকীয়ে ফোন ৰিচিভ নকৰাত পৰিয়ালৰ লোকে গুৱাহাটীত থকা সংশ্লিষ্ট ব্ৰাঞ্চৰ সৈতে যোগাযোগ কৰে। ডলীৰ ভগ্নীৰ ভাষ্য অনুসৰি, ব্ৰাঞ্চৰ পৰা এগৰাকী লোকে ডলীৰ কোঠালৈ যোৱাৰ কথা তেওঁলোকে জানিবলৈ পায়। পিছত কোঠাটো বন্ধ হৈ থকা বুলি খবৰ লাভ কৰাৰ পিছত পৰিয়ালৰ লোক গুৱাহাটীত উপস্থিত হয়।
ইয়াৰ পিছতে ঘটনাটোৰ খবৰ লাভ কৰি দিছপুৰ আৰক্ষীৰ এটা দল হেঙেৰাবাৰীৰ নেহা এপাৰ্টমেণ্টত উপস্থিত হয় আৰু ভাড়াঘৰটোৰ পৰা ডলীৰ মৃতদেহ উদ্ধাৰ কৰে। ডলী বৈশ্য গুৱাহাটীৰ পল্টন বজাৰস্থিত ICICI বেংকত প্ৰায় ১০ বছৰ ধৰি কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।

যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ লোকে ঘটনাটোক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে। ডলীৰ ভগ্নীয়ে কয়, “তাই যে তেনেকুৱা কৰিব, সেয়া হ’বই নোৱাৰে। এয়া এক হত্যাকাণ্ড। আমি বিশ্বনাথ দাস নামৰ এজনক সন্দেহ কৰিছোঁ। আমাক উচিত ন্যায় লাগে।”
আনহাতে, ডলীয়ে লিখি থৈ যোৱা বুলি দাবী কৰা অন্তিম টোকাটোক লৈও ঘটনাটোৱে নতুন মোৰ লাভ কৰিছে। টোকাটোত বিশ্বনাথৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আৰু প্ৰেমত প্ৰতাৰিত হোৱাৰ কথা উল্লেখ থকা বুলি জানিব পৰা গৈছে। অৱশ্যে, টোকাটোৰ বিষয়বস্তু আৰু ঘটনাৰ সৈতে ইয়াৰ সম্পৰ্কৰ বিষয়ে আৰক্ষীৰ আনুষ্ঠানিক নিশ্চিতি নোহোৱালৈকে এই দাবীসমূহক চূড়ান্ত সত্য বুলি গণ্য কৰিব নোৱাৰি।

ইতিমধ্যে বিশ্বনাথ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ তদন্তৰ দিশে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। ডলীৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণ কি, পৰিয়ালৰ উত্থাপিত হত্যাৰ সন্দেহৰ ভিত্তি কিমান আৰু অন্তিম টোকাটোৰ প্ৰকৃত তাৎপৰ্য কি—এই সকলো দিশ তদন্তৰ জৰিয়তে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

ডলী বৈশ্যৰ পৰিয়ালে ঘটনাটোৰ নিৰপেক্ষ আৰু সঠিক তদন্তৰ লগতে দোষ প্ৰমাণিত হোৱা লোকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
