Sandipan Garg: মুকলি আকাশৰ তললৈ সন্দীপন গাৰ্গ, কাৰাগাৰৰ পৰা ওলাই ক’লে—‘সত্যৰ সদায় জয় হ’ব’

জুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ সোমবাৰে মুকলি আকাশৰ তললৈ আহে। বাক্সা জিলা কাৰাগাৰৰ পৰা কাৰামুক্ত হয় সন্দীপন গাৰ্গ। যোৱা ১৬ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰাৰ পিছতে ১৯ অক্টোবৰত কাৰাগাৰৰ পৰা ওলাই আহে অভিযুক্তগৰাকী।
কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়ত সন্দীপন গাৰ্গৰ হাতত আছিল এখন কাপোৰৰ বেগ আৰু শ্ৰীমদ্ভগৱতগীতা। কাৰাগাৰৰ ভিতৰত থকা সময়ছোৱাত তেওঁ শ্ৰীমদ্ভগৱতগীতা অধ্যয়ন কৰা বুলি জানিব পৰা গৈছে।

কাৰামুক্ত হোৱাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সন্দীপন গাৰ্গে কয়, “মোৰ গ’ল্ডী দাদাৰ বাবে মানুহে যি ন্যায় বিচাৰি আছে, সেই ন্যায় পাব। ১৯ ছেপ্টেম্বৰত যিটো ঘটনা ঘটিলে, সেই সত্যটো যেতিয়া সকলো অসমীয়া মানুহে গম পাব, সেই সত্য জনাৰ পিছত অসমীয়া মানুহে স্বীকাৰ কৰিলেই মোৰ দাদাৰ আত্মাই শান্তি পাব।”
ইফালে, গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত মন্তব্য কৰি সন্দীপন গাৰ্গে কয়, “আদালতত বিচাৰ চলি আছে, সত্যটো আদালতে জনাব। সত্যৰ সদায় জয় হ’ব।”

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি চলি থকা গোচৰটোত সন্দীপন গাৰ্গ অভিযুক্ত আছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত সোমবাৰে তেওঁ কাৰাগাৰৰ পৰা মুকলি হয়। গোচৰটোৰ পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।
