বিশেষ দিন বুলি এতিয়া আৰু একোৱেই হেঁপাহ নাই’’—জন্মদিনত আৱেগিক গৰিমা শইকীয়া গাৰ্গ, অনুৰাগীৰ মৰম-আশীৰ্বাদেৰে উপচিল সামাজিক মাধ্যম

‘‘বিশেষ দিন বুলি এতিয়া আৰু একোৱেই হেঁপাহ নাই… তথাপি আপোনালোকৰ মৰম-আশীৰ্বাদেৰে মোৰ জন্মদিনটো ভৰাই দিলে’’—সামাজিক মাধ্যমত এইদৰে আৱেগিক পোষ্ট কৰি চৰ্চালৈ আহিছে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।
২১ অক্টোবৰত আছিল গৰিমা শইকীয়া গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গৰ অনুপস্থিতিত এয়া আছিল তেওঁৰ দ্বিতীয়টো জন্মদিন। পূৰ্বে জন্মদিনৰ বিশেষ দিনটোত পত্নী গৰিমাক মৰমেৰে শুভেচ্ছা জনোৱা জুবিন গাৰ্গ আজি কাষত নাই। সেয়েহে আপোনজনক হেৰুওৱাৰ বেদনাই গৰিমাৰ জন্মদিনটো কৰি তুলিছে অধিক আৱেগিক।
কিন্তু জুবিন গাৰ্গৰ অনুপস্থিতিতো গৰিমাক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিলে শিল্পীগৰাকীৰ অগণন অনুৰাগীয়ে। জন্মদিন উপলক্ষে সামাজিক মাধ্যমত অসংখ্য অনুৰাগীয়ে শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰাৰ লগতে বহু অনুৰাগীয়ে গৰিমা শইকীয়া গাৰ্গৰ বাসগৃহত উপস্থিত হৈ জন্মদিনৰ শুভেচ্ছা জনায়।
অনুৰাগীৰ এই মৰম, আদৰ আৰু আশীৰ্বাদৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি সামাজিক মাধ্যমত এক আৱেগিক বাৰ্তা লিখে গৰিমা শইকীয়া গাৰ্গে। তেওঁ লিখে, ‘‘বিশেষ দিন বুলি এতিয়া আৰু একোৱেই হেঁপাহ নাই… তথাপি আপোনালোকৰ মৰম-আশীৰ্বাদেৰে মোৰ জন্মদিনটো ভৰাই দিলে। আপোনালোকৰ অতি মৰমৰ মানুহজনৰ নিচেই আপোন বাবেই আপোনালোকে মোকো অফুৰন্ত মৰম, আদৰ, যত্নৰ মাজত ৰাখিছে। নহ’লে জীয়াই থকাৰ হেঁপাহকণো হয়তো হেৰুৱালোঁহেঁতেন এদিন।’’
নিজৰ জীৱনৰ বৰ্তমানৰ উদ্দেশ্যৰ বিষয়েও স্পষ্ট কৰি দিয়ে গৰিমাই। তেওঁ উল্লেখ কৰে যে এতিয়া জীৱনত জীয়াই থকাৰ দুটা প্ৰধান উদ্দেশ্য—জুবিন গাৰ্গৰ ন্যায় সোনকালে লাভ কৰা আৰু তেওঁৰ সমগ্ৰ কৰ্মৰাজি সঠিকভাৱে সজাই-পৰাই ভৱিষ্যৎ প্ৰজন্মৰ হাতত অৰ্পণ কৰা।

গৰিমাৰ মতে, জুবিন গাৰ্গৰ কৰ্মৰাজি সঠিকভাৱে সুৰক্ষিত আৰু সংৰক্ষিত কৰি ৰাখিব পাৰিলেহে তেওঁৰ সত্তা চিৰযুগমীয়া হৈ থাকিব। এই বৃহৎ দায়িত্ব কেৱল অকলে অথবা এমুঠিমান মানুহৰ দ্বাৰা সম্পূৰ্ণ কৰা সম্ভৱ নহয় বুলিও তেওঁ মন্তব্য কৰে।
সেয়েহে জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজ আৰু তেওঁৰ কৰ্মৰাজি আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুৰাগীসকলৰ সহায়-সহযোগিতা কামনা কৰে গৰিমা শইকীয়া গাৰ্গে। লগতে অনুৰাগীসকলক সদায় কাষত থাকিবলৈ আহ্বান জনাই তেওঁ লিখে, ‘‘সদায় লগত থাকিব দেই… আশীৰ্বাদ আৰু মৰমৰ হাত এখন… আস্থা, বিশ্বাস, ভৰসাবোৰো সদায় ৰাখিব মোৰ শিৰত।’’
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পত্নী গৰিমা শইকীয়া গাৰ্গৰ বাবে প্ৰতিটো বিশেষ দিনেই হৈ পৰিছে স্মৃতি আৰু বেদনাৰে ভৰা। এনে সময়তো অনুৰাগীসকলে আগবঢ়োৱা মৰম আৰু সহমৰ্মিতাই তেওঁক আগুৱাই যোৱাৰ সাহস যোগাইছে। জুবিন গাৰ্গৰ ন্যায় লাভ আৰু তেওঁৰ সৃষ্টিৰাজি ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ সংকল্পৰ মাজেৰে গৰিমাই অনুৰাগীসকলৰ সহযোগিতা বিচাৰিছে।
