পূজাৰ পূৰ্বে ভাগিনলৈ ‘মামা’ৰ উপহাৰ! আজি ৫.৪২ লাখ ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত সোমাব ৫৮.৫৯ কোটি টকা

পূজাৰ পূৰ্বে ভাগিনলৈ ‘মামা’ৰ উপহাৰ! আজি ৫.৪২ লাখ ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত সোমাব ৫৮.৫৯ কোটি টকা

পূজাৰ পূৰ্বে ভাগিনলৈ ‘মামা’ৰ উপহাৰ! আজি ৫.৪২ লাখ ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত সোমাব ৫৮.৫৯ কোটি টকা

দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ। আজি ৰাজ্যৰ ৫.৪২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টত জমা হ’ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আৰ্থিক সাহায্য। এই দুই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে মুঠ প্ৰায় ৫৮.৫৯ কোটি টকা বিতৰণ কৰিব।

বৃহস্পতিবাৰে পুৱা ১১ বজাত জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰৰ পৰা মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই ধনৰাশি মুকলি কৰি দিব।

নিযুত মইনা আঁচনিৰ অধীনত এইবাৰ মুঠ ৪,৩৯,৫৯৮গৰাকী ছাত্ৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য। এই আঁচনিৰ বাবে চৰকাৰে ৪৮.২২ কোটি টকা আবণ্টন দিছে। একাদশ শ্ৰেণীৰ ১,০৭,৮৭৪গৰাকী, দ্বাদশ শ্ৰেণীৰ ৮১,২০৮গৰাকী, স্নাতক পৰ্যায়ৰ ২,৩৪,২৯২গৰাকী, স্নাতকোত্তৰ পৰ্যায়ৰ ১৩,৯৭১গৰাকী, পলিটেকনিকৰ ১,৪৯৯গৰাকী আৰু বি.এড. পৰ্যায়ৰ ৭৫৪গৰাকী ছাত্ৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ’ব এই ধন।

আনহাতে, নিযুত বাবু আঁচনিৰ অধীনত এইবাৰ মুঠ ১,০২,৫০১গৰাকী ছাত্ৰই লাভ কৰিব আৰ্থিক সাহায্য। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ১০.৩৭ কোটি টকা বিতৰণ কৰিব। ইয়াৰে স্নাতক পৰ্যায়ৰ ১,০১,২৭৩গৰাকী আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ১,২২৮গৰাকী ছাত্ৰৰ বেংক একাউণ্টত জমা হ’ব সাহায্যৰ ধন।

দুৰ্গাপূজাৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰৰ এই আৰ্থিক সাহায্যই কিছু সকাহ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top