মাস্ক পৰিধান কৰি ফাষ্টট্ৰেক আদালতত উপস্থিত অমৃতপ্ৰভা মহন্ত

মাস্ক পৰিধান কৰি ফাষ্টট্ৰেক আদালতত উপস্থিত অমৃতপ্ৰভা মহন্ত

মাস্ক পৰিধান কৰি ফাষ্টট্ৰেক আদালতত উপস্থিত অমৃতপ্ৰভা মহন্ত

আজিৰে পৰা নিয়মীয়াকৈ আদালতত হাজিৰ হোৱাৰ কঠোৰ নিৰ্দেশনা

ফাষ্টট্ৰেক আদালতত উপস্থিত হ’ল অমৃতপ্ৰভা মহন্ত। মুখত মাস্ক পৰিধান কৰি অধিবক্তাৰ সৈতে আদালতত উপস্থিত হয় অমৃতপ্ৰভা।

উল্লেখ্য যে, মঙলবাৰে পুৱা হাফলং কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল অমৃতপ্ৰভা মহন্তক। কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতে আজিৰে পৰা নিয়মীয়াকৈ ফাষ্টট্ৰেক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে তেওঁক।

ইফালে, অমৃতপ্ৰভাক নিৰাপত্তাৰক্ষী (PSO) প্ৰদানৰ বাবে অধিবক্তাই আদালতত আবেদন জনাইছিল যদিও সেই আবেদন নাকচ কৰে আদালতে। নিজৰ নিৰাপত্তা নিজে ল’ব লাগিব বুলি আদালতে উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

আদালতত উপস্থিত হোৱাৰ সময়ত সাংবাদিকসকলে বিভিন্ন প্ৰশ্ন কৰে যদিও কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ আঁতৰি যায় অমৃতপ্ৰভা মহন্ত।

‘No, No, Don’t Do this, আঁতৰি দিয়ক…’ জুবিন গাৰ্গৰ হত্যাত অভিযুক্ত অমৃতপ্ৰভাক মহন্তক কাষত লৈ সাংবাদিকক ধমক অধিবক্তা আনন্দ কুমাৰ ভূঞাৰ

এতিয়া আদালতৰ নিৰ্দেশ অনুসৰি অমৃতপ্ৰভা মহন্তই নিয়মীয়াকৈ ফাষ্টট্ৰেক আদালতত হাজিৰ হ’ব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top