দুৰ্গা পূজাৰ সময়ত গুৱাহাটীত যান-বাহন চলাচলত বিশেষ নিষেধাজ্ঞা
১৬ৰ পৰা ২০ অক্টোবৰলৈ জাৰি যান-বাহন নিয়ন্ত্ৰণৰ নিৰ্দেশনা
১৬ৰ পৰা ২০ অক্টোবৰলৈ পুৱা ৪ বজাৰ পৰা দুপৰীয়া ১২ বজালৈহে সামগ্ৰী কঢ়িওৱা বাহনসমূহক মহানগৰীত প্ৰৱেশৰ অনুমতি দিয়া হ’ব

আনহাতে,
দুপৰীয়া ২ বজাৰ পৰা নিশা ২ বজালৈ মহানগৰীৰ বিভিন্ন স্থানত যান-বাহনৰ চলাচলত বিশেষ নিষেধাজ্ঞা আৰোপ
দিছপুৰ অঞ্চলত গণেশ মন্দিৰৰ ফালৰ পৰা গণেশগুৰি উৰণ সেতুৰ দিশে আৰ পি ৰোডত একমুখী যাতায়াতৰ ব্যৱস্থা কৰা হ’ব।
জু-ৰোডৰ ফালৰ পৰা গণেশ মন্দিৰৰ দিশে আৰু গণেশগুৰি অঞ্চলৰ নিৰ্দিষ্ট ছাৰ্ভিচ ৰোডৰ পৰা আৰ পি ৰোড বা জু-ৰোডলৈ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

বশিষ্ঠ অঞ্চলত বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলি ৰ দিশে পীৰ আজান ফকীৰ ৰোডত একমুখী যাতায়াতৰ ব্যৱস্থা থাকিব। বিষ্ণু ৰাভা পথ, বশিষ্ঠ চাৰিআলি আৰু ত্ৰিপুৰা গলীৰ লগতে কেইবাটাও পথতো যান-বাহনৰ চলাচল আৰু পাৰ্কিঙৰ ক্ষেত্ৰত বিশেষ নিয়ম প্ৰযোজ্য হ’ব।
ভৰলুমুখ অঞ্চলত ফটাশিল চাৰিআলি, চাচি জয়মতী ৰোড, চাবিপুল, বিষ্ণুপুৰ আৰু কুমাৰপাৰা পাঞ্চআলিৰ সংযোগী পথসমূহত প্ৰৱেশ নিষেধাজ্ঞা আৰু একমুখী যাতায়াতৰ ব্যৱস্থা কৰা হৈছে।

এ টি ৰোড, ডি জি ৰোড আৰু আৰ কে চৌধুৰী ৰোডৰ কিছুমান অংশত পাৰ্কিঙতো নিষেধাজ্ঞা থাকিব।
জালুকবাৰী অঞ্চলত ডি জি ৰোডেৰে জালুকবাৰী ৰটাৰীৰ পৰা পল্টনবজাৰ, পানবজাৰ, ফটাশিল আৰু ভৰলুমুখৰ দিশে সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।
ইয়াৰ উপৰি, পাণ্ডু, পানবজাৰ, চান্দমাৰী, গীতানগৰ, নুনমাটি আৰু লতাশিল অঞ্চল তো যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে।

পাণ্ডু ঘাটৰ পৰা আদাবাৰীলৈ যাতায়াত ৰ বাবে নিৰ্দিষ্ট পথ ব্যৱহাৰ কৰিব লাগিব। পানবজাৰৰ এম এছ ৰোডৰ পৰা গেট নম্বৰ ৪ৰ দিশে বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।
চিটি বাছৰ বাবেও নিৰ্ধাৰণ কৰা হৈছে বিকল্প পথ। বশিষ্ঠ মন্দিৰ–ধাৰাপুৰ, আদাবাৰী বাছ আস্থান–লালগণেশ, পাঞ্জাবাৰী–ধাৰাপুৰ আৰু হাতীগাঁও–ধাৰাপুৰ পথত চলাচল কৰা বাছসমূহে নিৰ্দেশনাত উল্লেখ কৰা বিকল্প পথেৰে যাতায়াত কৰিব লাগিব।
আনহাতে, নামনি অসমৰ ফালৰ পৰা পল্টনবজাৰৰ দিশে অহা এ এছ টি চিৰ আন্তঃজিলা বাছসমূহক জালুকবাৰী ফালৰ পৰা চহৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এই বাছসমূহক আই এছ বি টিলৈ ঘূৰাই পঠিওৱা হ’ব।
